নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ককাদেউতা নাতি আৰু হাতী–২’লৈ দর্শকৰ বিপুল সঁহাৰি

ৰাজ্যৰ ছবিঘৰত সগৌৰৱে চলিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ প্রযোজনাত নির্মিত অসমীয়া ছবি ‘ককাদেউতা নাতি আৰু হাতী–২’৷ যোৱা ৩ জুলাইত ৰাজ্যজুৰি ছবিখন মুক্তি দিয়াৰ পাছত ছবিখনলৈ অসমৰ চলচ্চিত্রপ্রেমী ৰাইজে বিপুল সঁহাৰি জনাইছে৷

হাঁহি–কান্দোন, ছাছপেঞ্চ–ৰোমাঞ্চ আৰু সংঘাতেৰে ভৰপূৰ এখন সম্পূর্ণ পাৰিবাৰিক ছবি ‘ককাদেউতা নাতি আৰু হাতী–২’৷ ’৮০ৰ দশকত ‘ককাদেউতা নাতি আৰু হাতী’ শীর্ষক ছবিখনে ৰাজ্যজুৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ পাছতে পুৰণি স্মৃতিক নতুনত্বৰ সঞ্জীৱনী প্রদর্শনেৰে উজ্জীৱিত কৰা ‘ককাদেউতা নাতি আৰু হাতী–২’ ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিছে ৰাইজ৷

আবাল–বৃদ্ধ–বনিতাৰ পৰা বিদেশী নাগৰিকলৈকে সকলোৱে ছবিখন উপভোগ কৰি আনন্দিত হৈ পৰিছে৷ গুৱাহাটীলৈ কিছুদিন পূর্বে বন্ধুত্বৰ তাগিদাত আহি উপস্থিত হৈছিল স্পেইনৰ এষ্টেৰিয়া নামৰ যুৱতীগৰাকী৷ বন্ধুৰ অনুৰোধত আজি মহানগৰীৰ ছবিগৃহত ছবিখন উপভোগ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে যুৱতীগৰাকী৷

অসমীয়া সামাজিক জীৱনক ছবিখনে সুন্দৰ ৰূপত প্রতিফলিত কৰিছে বুলি মন্তব্য কৰা এষ্টেৰিয়াৰ মতে ছবিখন যথেষ্ট আকর্ষণীয় হোৱাৰ লগতে আৱেগিক মুহূর্তবোৰে দর্শকক এক নতুন সোৱাদ দিবলৈ সক্ষম হৈছে৷

পৰিয়ালৰ বাবে উপভোগ্য ছবিখন অসমৰ সকলো ৰাইজকে উপভোগ কৰিবলৈ এষ্টেৰিয়াই আহ্বান জনাইছে৷ একেদৰে পুৰণি স্মৃতি সুঁৱৰি নিজৰ প্রিয় অভিনেতাৰ অভিনীত নতুন ছবিখন চাবলৈ আজি হুইল চেয়াৰত আহি উপস্থিত হ’ল এগৰাকী আইতা৷

নতুন ছবিখন চাই অভিভূত হৈ পৰা আইতাগৰাকীৰ মতে, পূর্বৰ সকলো স্মৃতি যেন এতিয়া পুনৰ নতুন ৰূপত সজীৱ হৈ উঠিছে৷ তদুপৰি ছবিগৃহত ছবিখন চোৱাৰ পাছতে নিজৰ প্রিয় অভিনেতা প্রাঞ্জল শইকীয়াক সোঁশৰীৰে সাক্ষাৎ কৰি পুনৰ আনন্দিত হৈ পৰা আইতাগৰাকীয়ে ৰাইজক এবাৰ ‘ককাদেউতা নাতি আৰু হাতী–২’ চাবলৈ আহ্বান জনাইছে৷

মুক্তিৰ দিনৰে পৰা অসমৰ ৭৫টাৰো অধিক ছবিগৃহত চলি থকা ‘ককাদেউতা নাতি আৰু হাতী–২’ প্রতিটো দর্শনী হাউছফুল হৈছে৷ অকল গুৱাহাটী মহানগৰীৰ ছবিগৃহতেই নহয়, শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ প্রতিটো প্রান্ততে ৰাইজৰ মুখে মুখে এতিয়া এটাই নাম– ‘ককাদেউতা নাতি আৰু হাতী–২’৷

যোৰহাটৰ ইলি চিনেমা হল, লখিমপুৰ আদিকে ধৰি বিভিন্ন প্রান্তত ‘ককাদেউতা নাতি আৰু হাতী–২’ই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰাৰ লগতে প্রতিটো দর্শনী হাউছফুল হৈছে বুলি জানিব পৰা গৈছে৷

আনকি বহু বোলছবিগৃহত তিনিটা দর্শনীৰ পাছত ৰাইজৰ ব্যাপক সঁহাৰিৰ বাবে ছবিগৃহৰ স্বত্বাধিকাৰীয়ে চতুর্থ দর্শনীৰো ব্যৱস্থা কৰাৰ বাবে চিন্তা–চর্চা কৰিছে৷ অকল সর্বসাধাৰণ ৰাইজেই নহয়, ‘ককাদেউতা নাতি আৰু হাতী’ৰ পুৰণি নষ্টালজিয়াক সুঁৱৰি মন্ত্রী–বিধায়কেও ছবিগৃহত ‘ককাদেউতা নাতি আৰু হাতী–২’ উপভোগ কৰে৷

বিধায়ক পল্লৱলোচন দাসে ছবিখন উপভোগ কৰি শৈশৱৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দেখাৰ অভিজ্ঞতা অনন্য বুলি মন্তব্য কৰে৷ অসমৰ ৰাইজে ছবিখন আঁকোৱালি লৈছে বুলি তেওঁ লগতে কয়৷

লক্ষণীয় যে ছবিখন উপভোগ কৰি প্রতিগৰাকী চলচ্চিত্রপ্রেমীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শৈশৱৰ দৃশ্য উপভোগ কৰি আৱেগিক হৈ পৰে৷ উল্লেখ্য যে পূর্বৰ ছবিখনত ‘এক দুই তিনি চাৰি’ শীর্ষক গীতটোত শিশুশিল্পীৰ চৰিত্রত ’৮০ৰ দশকত অভিনয় কৰিছিল বর্তমানৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

পুৰণি কাহিনীৰ ভেটিত নতুনত্বৰ সুবাসৰ লগতে চিৰসেউজ গীতৰ সুৰ আৰু আৱেগক লৈ ‘ককাদেউতা নাতি আৰু হাতী–২’ ছবিখন সাম্প্রতিক সময়ত পুৰণিৰ ভেটিত ঠন ধৰি উঠা শিপাৰ সন্ধানৰ এক আৱেগৰ এনাজৰীস্বৰূপ হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ৮ জুলাই

You might also like