নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কেবিনেটঃ মিনি দিছপুৰত পৰিণত সমগ্র বঙাইগাঁও

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ আজি  বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম মন্ত্রীসভাৰ কেবিনেট বৈঠক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রতিমাহে একোখনকৈ কেবিনেট বৈঠক গুৱাহাটীৰ  পৰিৱর্তে বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি যোৱা ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ বাহিৰত ধেমাজিত প্রথমখন কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কাইলৈ দ্বিতীয়খন কেবিনেট বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হ’ব৷ কেবিনেট বৈঠকৰ পৰিপ্রেক্ষিতত আজিৰে পৰা বঙাইগাঁও হৈ পৰিছে মিনি দিছপুৰ৷ ইতিমধ্যে মুখ্যমন্ত্রীৰ বাহিৰে প্রতিগৰাকী মন্ত্রী, অসম চৰকাৰৰ আমোলা–বিষয়াসকল বঙাইগাঁৱত উপস্থিত হৈছে৷ কাইলৈ পুৱাৰ ভাগতে বঙাইগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পৰিপ্রেক্ষিতত ইতিমধ্যে বঙাইগাঁৱত উদুলি–মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ উপায়ুক্তৰ কার্যালয়কে ধৰি সমগ্র চহৰখন নতুন ৰূপত সজাই–পৰাই তোলা হৈছে৷ মুখ্যমন্ত্রীকে ধৰি অধিকাংশ মন্ত্রীকে বঙাইগাঁও আৱর্ত ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ একাংশ মন্ত্রীক অভয়াপুৰী আৱর্ত ভৱনতো ৰখাৰ ব্যৱস্থা কৰিছে৷

কালি নিশাৰ ভাগত বঙাইগাঁও আৱর্ত ভৱনত মন্ত্রীসকলক ভাত আৰু ৰুটীৰ সৈতে কাশ্মীৰী দাইল, ছুপ, আলু গোবী, পালং পনিৰ, বৰালি আৰু কাটলা মাছৰ জোল, লোকেন চিকেন, ছাগলীৰ মাংসৰ কছা, পায়স, চাটনি, পাপড় আদি বিভিন্ন ব্যঞ্জনেৰে আতিথ্য প্রদানৰ বাবে প্রশাসন সাজু হৈছে৷ বঙাইগাঁও আৱর্ত ভৱনৰ বাঘেশ্বৰী নামৰ ১নং কোঠাটো কাইলৈ আহিবলগীয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বাবে ৰখা হৈছে৷ কালি বঙাইগাঁৱত আহি উপস্থিত হোৱা মন্ত্রীসকলক উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াই আদৰণি জনায়৷ আনহাতে মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি ৰাজ্য চৰকাৰৰ আমোলা–বিষয়াসকলক চাপাগুৰিৰ হোটেল ছিগনেট মেগনা পার্ককে ধৰি বিভিন্ন হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

ইপিনে, কালি সন্ধিয়া বঙাইগাঁৱত উপস্থিত হৈ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত পৰৱর্তী কেবিনেট হাফলঙত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত ৰাজ্যত উন্নয়নৰ বতাহ বলিছে৷ প্রতিখন জিলাতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাইজৰ সমস্যাসমূহৰ বুজ লৈ সমাধানৰ ব্যৱস্থা কৰা হৈছে৷ কেবিনেটলৈ অহাৰ সময়ত আৰু ওভতাৰ সময়ত মন্ত্রীসকলক মুখ্যমন্ত্রীয়ে বিভিন্ন জিলাত উপস্থিত হৈ চৰকাৰী আঁচনিসমূহৰ কাম–কাজৰ বুজ লোৱাৰ নির্দেশ দিছে৷ ইয়াৰ জৰিয়তে চৰকাৰখনক ৰাইজৰ কাষ চপাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ সেইদৰে ৰাজহ মন্ত্রী যোগেন মহনে কয় যে পূর্বৰ দৰে বঙাইগাঁৱত আয়োজিত কেবিনেট বৈঠকতো বিভিন্ন বিভাগত প্রস্তাৱ উত্থাপন কৰা হ’ব৷ ৰাজহ বিভাগেও কাইলৈ চাৰি–পাঁচটা প্রস্তাৱ উত্থাপন কৰিব৷ প্রতিখন কেবিনেটতে ভাল খবৰ লাভ কৰি অহাৰ দৰে এইবাৰ বঙাইগাঁও কেবিনেটৰ পৰাও বহু ভাল খবৰ লাভ কৰিব৷ একেদৰে বিত্তমন্ত্রী অজন্তা নেওগে বঙাইগাঁৱৰ কেবিনেট বৈঠকক লৈ যথেষ্ট আশাবাদী বুলি জানিবলৈ দি কয় যে কাইলৈৰ বৈঠকখন কেৱল বঙাইগাঁৱৰ বাবেই নহয়, তেওঁৰ বাবেও গুৰুত্বপূর্ণ৷ কাইলৈ নিশ্চিতভাৱে বহু ভাল খবৰ প্রকাশ পাব৷ অনুৰূপ ধৰণে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে প্রতিটো দিনে এইখন চৰকাৰে অসমবাসীৰ বাবে ভাল খবৰ দি অহাৰ দৰে বঙাইগাঁৱৰ বৈঠকখনতো অঞ্চলটোৰ লগতে ৰাজ্যবাসীৰ বাবে বহু ইতিবাচক দিশ থাকিব৷

বঙাইগাঁৱৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত হ’বলগীয়া কেবিনেট বৈঠকৰ পৰিপ্রেক্ষিতত উপায়ুক্তৰ কার্যালয় চৌহদত আৰক্ষী প্রশাসনে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে৷ অসম আৰক্ষীৰ লগতে চি আৰ পি এফ, এছ এছ বিৰ জোৱান নিয়োজিত কৰাৰ লগতে সেনাবাহিনীৰ ডগ স্কোৱাডো নিয়োজিত কৰিছে৷ সমগ্র চহৰখনৰ লগতে জিলাখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ কেবিনেটৰ বাবে কাইলৈ চহৰখনত যান–বাহন চলাচলৰ ক্ষেত্রত নতুনকৈ পথ নির্দেশনাও জাৰি কৰিছে৷ কাইলৈ পুৱা ১০ বজাত মুখ্যমন্ত্রী ড০ শর্মা উপায়ুক্তৰ কার্যালয়ত উপস্থিত হৈ লাচিত দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰিব৷ তাৰ পিছত কেবিনেট বৈঠকখন দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই ২.৩০ বজাত চিলাৰায় বজাৰৰ আধাৰশিলা, ২.৫০ বজাত দেউৰীপাৰাত বায়ফ্লোক ইউনিট উদ্বোধন, ৩.৪০ বজাত মাজগাঁৱত প্রস্তাৱিত বঙাইগাঁও মেডিকেল কলেজৰ ভূমি পৰিদর্শন, ৪.১৫ বজাত পাগলাস্থানত ক্লক টাৱাৰ উদ্বোধন, ৪.৪৫ বজাত খাৰিজা দলাইগাঁৱত এফ’ৰটেব’ল হাউছিং পার্টনাৰশ্বিপৰ আধাৰশিলা স্থাপন, সন্ধিয়া ৫.২০ বজাত উত্তৰ বঙাইগাঁওস্থিত পৰিৱেশ উদ্যানত একুৰিয়াম গৃহ উদ্বোধন অনুষ্ঠানত ভাগ ল’ব৷ নিশা ৮ বজাৰ পৰা ৯ বজালৈ আৱর্ত ভৱনত বিভিন্ন দল–সংগঠনৰ প্রতিনিধিক সাক্ষাৎ কৰিব৷ নিশাটো আৱর্ত ভৱনত কটাই ২৫ নৱেম্বৰত জিলা বিজেপিৰ কার্যালয় উদ্বোধন কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷

মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশমর্মে আজি মন্ত্রী ৰঞ্জিত দাসে বাক্সা জিলা হৈ, অতুল বৰাই ৰঙিয়া হৈ, উর্খাও গৌৰা ব্রহ্মই বজালী হৈ, চন্দ্রমোহন পাটোৱাৰীয়ে বৰপেটা হৈ, পৰিমল শুক্লবৈদ্যই চিৰাং হৈ, কেশৱ মহন্তই গোৱালপাৰা হৈ, ডাঃ ৰণোজ পেগুৱে শালবাৰী হৈ, যোগেন মহনে বিজনী হৈ, সঞ্জয় কিষাণে বিলাসীপাৰা হৈ, অজন্তা নেওগে কামৰূপ হৈ, পীয়ূষ হাজৰিকাই দক্ষিণ কামৰূপ হৈ, বিমল বৰাই তামুলপুৰ হৈ বঙাইগাঁৱত উপস্থিত হয়৷ উভতিবৰ সময়ত ৰঞ্জিত দাসে গোৱালপাৰা, অতুল বৰাই উত্তৰ শালমাৰা, উর্খাও গৌৰা ব্রহ্মই বিজনী, চন্দ্রমোহন পাটোৱাৰীয়ে চিৰাং, পৰিমল শুক্লবৈদ্যই ৰঙিয়া, কেশৱ মহন্তই বজালী, ডাঃ ৰণোজ পেগুৱে বৰপেটা, যোগেন মহনে শালবাৰী, সঞ্জয় কিষাণে তামুলপুৰ, অজন্তা নেওগে নলবাৰী, পীয়ূষ হাজৰিকাই বাক্সা, বিমল বৰাই বিলাসীপাৰা হৈহে গুৱাহাটীলৈ উভতিব৷ যোৱাৰ সময়ত মন্ত্রীসকলে উল্লিখিত জিলাৰ অংগনৱাড়ী কেন্দ্র, চিকিৎসালয়, জল জীৱন মিছনৰ আঁচনি, প্রাথমিক বিদ্যালয়, ক’ভিড প্রতিষেধক কেন্দ্র পৰিদর্শন কৰি যোৱাৰ বিপৰীতে ওভতনি যাত্রাত অৰুণোদয়ৰ হিতাধিকাৰী, বিধৱা পেন্সন হিতাধিকাৰী, বৃদ্ধপেন্সন আঁচনিৰ হিতাধিকাৰী, ক’ভিড সাহায্য আঁচনিৰ হিতাধিকাৰী, অটল অমৃত অভিযান আৰু প্রধানমন্ত্রী জন আৰোগ্য আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিহে গুৱাহাটীলৈ উভতিব৷
জিলাই জিলাই কেবিনেটক পিকনিক আখ্যা
এআইইউডিএফৰ কৰিমুদ্দিন বৰভূঞা–কংগ্রেছৰ ভৰত নৰহৰ
বর্তমানৰ ৰাজ্য চৰকাৰখনে জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ যোৱা ছেপ্ঢেম্বৰ মাহত গুৱাহাটীৰ বাহিৰত ধেমাজিত প্রথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পিছত কাইলৈ বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ জিলাই জিলাই কেবিনেট বৈঠকৰ আয়োজন কৰা ব্যৱস্থাক পিকনিক আখ্যা দিছে বিৰোধী দল এআইইউডিএফ আৰু কংগ্রেছে৷ এআইইউডিএফৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞাই আজি সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৪ ঘণ্টা কাম কৰিলেও বাকী মন্ত্রীসকলে কাম নকৰে৷ সেয়ে তেওঁলোকক পিকনিকলৈ লৈ যায়৷ গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাটো প্রীতিভোজৰ নিচিনা হৈছে৷ কাইলৈ বঙাইগাঁৱত হ’বলগীয়া কেবিনেটৰ প্রসংগত তেওঁ কয় যে বঙাইগাঁৱত কেবিনেট অনুষ্ঠিত কৰাত কোনো আপত্তি নাই৷ কিন্তু চৰকাৰী পর্যায়ত যিধৰণে টকা খৰচ কৰা হৈছে সেইটো চিন্তনীয়৷ কেবিনেটৰ নামত সমগ্র বঙাইগাঁও চহৰখনত বেলুন, লাইট লগোৱা হৈছে৷ ৰাইজে এইবোৰ বেলেগ চকুৰে চাইছে৷ বঙাইগাঁৱত বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ সদস্য হিচাপে কালি অহাৰ উল্লেখ কৰি তেওঁ কয় যে তাতেই বিজেপিৰ জিলা পর্যায়ৰ এজন নেতাই কেবিনেট বৈঠকখন পিকনিক আখ্যা দিছে৷ তেওঁ আৰু কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা ৰাইজে পোনপটীয়াকৈ কাম বিচাৰে৷ কিন্তু বর্তমান মুখ্যমন্ত্রীৰ ভাবমূর্তিবিৰোধী কাম হৈ আছে৷ যিসময়ত অসম চৰকাৰে ঋণ ল’ব লগা হৈছে, ঋণৰ বাবে মুখ্যমন্ত্রী নিজেই দিল্লীলৈ গৈ কাম–কাজ তদাৰক কৰিবলগীয়া হৈছে, তেনে সময়ত কেবিনেটৰ নামত বাংলাদেশৰ পৰা কলকাতা হৈ পদ্মাৰ পৰা ইলিছ মাছ আনিছে৷ কেবিনেটখনৰ নামত কমেও পাঁচ কোটি টকা ব্যয় হ’ব৷ প্রশাসনিক সংস্কাৰ দিছপুৰত বহিও কৰিব পৰা যায়৷ সেয়ে তেওঁ গুৱাহাটীৰ বাহিৰৰ কেবিনেটক পিকনিক আখ্যা দিয়ে৷ ইপিনে, কংগ্রেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহেও অনুৰূপ মন্তব্য কৰি কয় যে গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত হ’লে অতিৰিক্ত খৰচ হয়৷ সময় আৰু টকা দুয়োটা অপচয় হয়৷ অসমৰ বিত্তীয় অৱস্থা এতিয়া টনকিয়াল নহয়৷ তেনে ক্ষেত্রত চৰকাৰে কিয় গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰিছে বুজি পোৱা নাই৷ হয়তো চৰকাৰে চমক সৃষ্টি কৰিব বিচাৰি অথবা জনসাধাৰণৰ মনৰ পৰা ইছ্যুসমূহ আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিছে৷ ধেমাজিত অনুষ্ঠিত কেবিনেটৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে ধেমাজি কেবিনেটত জিলাখনৰ উন্নয়নৰ বাবে বহু আঁচনি ঘোষণা কৰা হয়৷ কিন্তু সেই আঁচনিবোৰ ৰূপায়ণৰ বাবে বাজেটত ধন আছে নে নাই? কাইলৈ বঙাইগাঁৱতো বহু আঁচনি ঘোষণা কৰিব৷ কিন্তু তাৰ বাবে বাজেটত ধন আছে নে নাই বুলি তেওঁ প্রশ্ণ কৰে৷

You might also like