নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক ‘হৃদয় এক বিজ্ঞাপন’

অনুৰাধা শর্মা পূজাৰীৰ বহুপঠিত উপন্যাসৰ আধাৰত নির্মিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ দর্শকৰ ৰুচি আৰু মনোৰঞ্জনৰ মানসেৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ উদ্যোগত ৰং চেনেলে দর্শকৰ বাবে লৈ আহিছে এখন পৰীক্ষামূলক নতুন ধাৰাবাহিক ‘হৃদয় এক বিজ্ঞাপন’৷ প্রতিষ্ঠিত সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰ একে নামৰ বহুপঠিত উপন্যাসৰ আধাৰত নির্মাণ কৰা এই ‘হৃদয় এক বিজ্ঞাপন’ ধাৰাবাহিকখনৰ সামগ্রিক পৰিকল্পনা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাৰ৷ অনুৰাধা শর্মা পূজাৰীৰ এই বিখ্যাত উপন্যাসৰ জীৱন্ত ৰূপ এইবাৰ দর্শকে ৰং চেনেলৰ পর্দাত দেখিবলৈ পাব৷ এয়া ৰঙৰ দর্শকৰ বাবে নিশ্চয় এক উৎসাহজনক বতৰা৷ ‘হৃদয় এক বিজ্ঞাপন’ৰ কাহিনীত আছে নগৰীয়া জীৱনৰ একাকিত্বত বিৰক্ত হৈ এটি নির্মল সম্পর্ক আৰু সুন্দৰ জীৱনৰ আশাৰে বাট চাই থকা এগৰাকী শিক্ষিত তথা প্রতিভাৱান নৱবিবাহিত নাৰী ভাস্বতী চলিহাৰ জীৱনৰ কিছুমান অভিজ্ঞতাৰ জীৱন্ত প্রতিচ্ছবি৷ ভাস্বতীয়ে এটা বিজ্ঞাপন সংস্থাত কাম কৰি মুখামুখি হয় বিভিন্ন আৰু বিচিত্র চৰিত্র কিছুমানৰ৷ সেই চৰিত্রবোৰৰ ঘাত-প্রতিঘাত, সমস্যা, সুখ-দুখবিলাক দেখি লাভ কৰে জীৱনৰ জ্ঞান৷ সেই জ্ঞানেৰে অনুভৱ কৰে যে বর্তমান এই কঠিন সময়ত সকলো বস্তুৰে দাম-দৰ হয়৷ বিজ্ঞাপনৰ জোৰত নির্ধাৰিত হয় জীৱনৰ মূল্য৷ কিন্তু এটা কথা ঠিক যে মানুহৰ হৃদয়খন কেতিয়াও বিজ্ঞাপন হ’ব নোৱাৰে৷ পৃথিৱীত সকলো সত্যই বঞ্চনা কৰিলেও হৃদয়ৰ সম্পর্কবোৰেই হ’ল ‘বঞ্চনা নকৰা সত্য’৷ সেইবাবেই মহুৱা ৰয়ৰ দৰে চৰিত্রই লিখিছিল– ‘মোক এখনি হৃদয় দিয়া, ধাৰলৈ হ’লেও৷ কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ৷’ উপন্যাসখনৰ কাহিনীক একে ধৰণে ৰাখি কাহিনীৰ বিন্যাস, চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে জিণ্টু ভট্টাচার্যই৷ ধাৰাবাহিকখনৰ পৰিচালক কংকন ৰাজখোৱা৷ ব্যৱস্থাপনাত আছে কৃষ্ণা বৰুৱা৷ ‘হৃদয় এক বিজ্ঞাপন’ৰ চিত্রগ্রহণকাৰী ডিম্পল গগৈ৷ এই ধাৰাবাহিকখন মূলতঃ কিছুমান চৰিত্রৰ বিচিত্রতা আৰু জীৱনবোধৰ গভীৰতাক লৈ ৰচনা কৰা হৈছে৷ কিয়নো অনুৰাধা শর্মা পূজাৰীৰ উপন্যাসখনৰ মূল কথাই হ’ল চৰিত্রবোৰৰ মানসিক জগতখনৰ প্রতিফলন৷ ‘হৃদয় এক বিজ্ঞাপন’ৰ চৰিত্রসমূহক জীৱন্ত ৰূপ দিবৰ বাবে বিভিন্ন চৰিত্রত অভিনয় কৰা শিল্পীসকল হ’ল– আইৰিশ চেত্রী, নিৰৱমন শর্মা, দেৱজিৎ মজুমদাৰ, বিভূতি ভূষণ হাজৰিকা, দোলা পল, পল্লৱ প্লাৱন, নৱজিৎ কোঁৱৰ, কৌশিক ভৰদ্বাজ, কল্যাণ কোঁৱৰ, আদি৷ সহযোগী পৰিচালক জোন কলিতা, বাবুল বৰা৷ সংগীত সীমান্ত সাগৰৰ৷ সম্পাদনা কৰিছে দীপজ্যোতি দাসে৷ অসমৰ ভিন্ন স্থানত চিত্রগ্রহণ হোৱা এই ধাৰাবাহিকখনত দর্শকসকলে এক নতুনত্ব বিচাৰি পাব বুলি ৰং চেনেল একান্তই আশাবাদী৷ সদায়ে ভিন্ন বিষয়বস্তুৰে ধাৰাবাহিক নির্মাণ কৰি দর্শকক নির্মল মনোৰঞ্জন দি অহা ৰং চেনেলৰ ‘হৃদয় এক বিজ্ঞাপন’ ধাৰাবাহিকখনো এখন সফল ধাৰাবাহিক হ’ব বুলি দর্শকসকলে আশা কৰিছে৷ আজিৰ পৰা সন্ধিয়া ৭.৩০ বজাত সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্রচাৰ হ’ব এই নতুন ধাৰাবাহিক ‘হৃদয় এক বিজ্ঞাপন’৷

You might also like