নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰ নাহিব বুলি ভাবি দর্জা বন্ধ নকৰিম নেকি?-ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকাত থৰকাছুটি হেৰুৱাই কংগ্রেছে নিজ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ দলৰ প্রার্থীসকলক নির্বাচনী ফলাফল প্রকাশৰ পূর্বে একেলগে আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷ কংগ্রেছৰ এই পদক্ষেপে ৰাজ্যৰ ৰাজনীতিত খলকনি সৃষ্টি কৰিছে৷ এক কথাত ক’বলৈ গ’লে বিজেপিক লৈ এতিয়া সাংঘাতিক ধৰণে ভীতিগ্রস্ত কংগ্রেছ৷ যিকোনো মুহূর্ততে সুযোগ পালে বিজেপিয়ে মহাজোঁটৰ প্রার্থীক তেওঁলোকৰ পক্ষলৈ লৈ যোৱাৰ শংকাত ভুগিছে কংগ্রেছ৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত তেওঁলোক বিজেপিক লৈ ভীতিগ্রস্ত হোৱাৰ কথা স্বীকাৰ কৰি কয় যে হয় বিজেপিক ভয় কৰোঁ৷ ভয় নকৰিম কিয়? বিজেপি কেন্দ্রতো ক্ষমতাত আছে আৰু ইয়াতো ক্ষমতাত আছে৷ তদুপৰি বিভিন্ন সময়ত বিজেপিয়ে বিভিন্ন ৰাজ্যত হর্ছ ট্রেডিং কৰি আহিছে৷

মহাজোঁটে এইবাৰ ১০১খন আসন লাভ কৰিব৷ ইয়াৰে সৰহসংখ্যক কংগ্রেছে লাভ কৰিব৷ কিন্তু আন ৰাজ্যৰ দৰে অসমত মহাজোঁটৰ বিধায়কক লৈ বিজেপিয়ে যাতে চৰকাৰ কৰাৰ চেষ্টা চলাব নোৱাৰে, তাৰ বাবে মহাজোঁটে কিছু সতর্কতামূলক ব্যৱস্থা লৈছে৷ এই প্রসংগতে সভাপতি বৰাই কয় যে চোৰ নাহিব বুলি ভাবি দর্জা বন্ধ নকৰিম নেকি? সেইদৰে মহাজোঁটৰ প্রার্থীসকলক কংগ্রেছশাসিত ৰাজ্য ৰাজস্থান আৰু ছত্তিশগড়ত ৰখাৰ প্রসংগত বৰাই কয়– কংগ্রেছশাসিত ৰাজ্যৰ পৰা আমি মার্গ দর্শন ল’ব লাগিব৷ কাৰণ তেওঁলোক জটিল পৰিস্থিতিৰ মাজেৰে জয়লাভ কৰিছে৷ ৰাজস্থানত অশোক গেহলটৰ পৰা বিজেপিয়ে ২২জনকৈ বিধায়ক লৈ যোৱাৰ পাছতো গেহলটে চৰকাৰ বর্তাই ৰাখিব পাৰিছে৷ সেয়ে গেহলটৰ দৰে জ্যেষ্ঠ নেতাৰ পৰা আমাৰ শিকিবলগীয়া আছে৷ তদুপৰি আমাৰ প্রার্থীসকলক য’ত পঠিয়ালে নিৰাপদে থাকিব, তাতেই পঠিয়াব লাগিব৷ ইয়াত আন কথা আহিবই নোৱাৰে৷

ইপিনে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে কয় যে কংগ্রেছকে ধৰি মহাজোঁটৰ কোনো এজন ব্যক্তিকেই বিজেপিয়ে হর্ছ ট্রেডিং কৰিব নোৱাৰে৷ এজনো প্রার্থী বিজেপি আৰু বিজেপিৰ অংশীদাৰ দললৈ নাযায়৷ যোৱা নির্বাচনৰ সময়ছোৱাত তেওঁলোকে বিজেপিৰ বিৰুদ্ধে অতি দৃঢ়তাৰে যুঁজ দিছে৷ এ আই ইউ ডি এফৰ প্রার্থীসকল ৰাজস্থানৰ জয়পুৰলৈ যোৱাৰ প্রসংগত সিঙে কয় যে তেওঁলোকে ধর্মীয় স্থান আজমেৰ শ্বৰীফ দর্শনৰ বাবে জয়পুৰলৈ গৈছে৷ হর্ছ ট্রেডিঙৰ ভয়ত তেওঁলোক জয়পুৰলৈ যোৱা বুলি বিজেপিয়ে উৰাবাতৰি বিয়পাইছে৷ সিঙে আৰু কয় যে দেশৰ নির্বাচন আয়োগৰ ওপৰত তেওঁলোকৰ অকণো ভৰসা নাই৷ আয়োগৰ নিৰপেক্ষতাক তেওঁলোকে বিশ্বাস নকৰে৷ ভোটগণনাৰ দিনাখন যাতে গণনাৰ সময়ত কোনো খেলিমেলি কৰিব নোৱাৰে, সেই সম্পর্কত দলীয় প্রার্থীসকলৰ সৈতে আলোচনা কৰা হৈছে৷ কাৰণ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ অন্তত ই ভি এম বিজেপি প্রার্থীৰ গাড়ীত অনা, ৯০টা ভোটগ্রহণ হোৱা কেন্দ্রত ১৮১টা ভোট উদ্ধাৰ আদি ঘটনাই নির্বাচন আয়োগৰ প্রতি সন্দেহৰ দৃষ্টি নিবদ্ধ কৰিছে৷

সেইদৰে কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই নির্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত সন্দেহ ব্যক্ত কৰি ভোটগণনাৰ সময়ছোৱাত কংগ্রেছকে ধৰি মহাজোঁট অধিক সতর্ক থাকিব বুলি মন্তব্য কৰে৷ শইকীয়াৰ মতে নির্বাচনৰ সময়ত মহাজোঁট কিছু সজাগ, সতর্ক আছিল বাবেই কিছু স্থানত নতুনকৈ ভোটগ্রহণৰ ব্যৱস্থা কৰিছে৷ ভোটগণনাৰ সময়ছোৱাত বিহাৰৰ দৰে যাতে পৰিস্থিতি সৃষ্টি নকৰে, তাৰ প্রতিও সতর্ক থাকিব লাগিব৷ এই সন্দর্ভত দলীয় প্রার্থীসকলৰ মাজত ইতিমধ্যে সজাগ–সচেতনতাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like