নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখত যদি MASK নাই, তেন্তে পকেটত ৰাখক ১০০০ টকা

মাস্ক নিপিন্ধিলে, দূৰত্ব নামানিলে ১০০০ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ অসমত ক’ভিডৰ সংক্রমণ দ্রুত হাৰত বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে শনিবাৰে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷ সেই অনুসৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্রস্তুত কৰা এছ অ’ পি বিহু উদযাপন কমিটীসমূহে মানি চলিব লাগিব৷

এছ অ’ পি উলংঘা কৰা কমিটীসমূহৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এইক্ষেত্রত জিলা উপায়ুক্তসকলক তাৎক্ষণিকভাৱে বিহু কমিটীসমূহৰ লগত যোগাযোগ কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ কোৱা হৈছে৷

আনহাতে, ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁতে মাস্ক পৰিধান কৰাটো আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা আৰু সামাজিক ব্যৱধান মানি নচলাসকলৰ বিৰুদ্ধে ১,০০০ টকা জৰিমনা বিহিবলৈ নির্দেশটোত উল্লেখ কৰা হৈছে৷

বিহু উদযাপন কমিটীসমূহে এছ অ’ পি অনুসৰি নিশা ১১ বজাৰ পাছত বিহুৰ অনুষ্ঠান সামৰাটো বাধ্যতামূলক৷ এছ অ’ পি উলংঘাকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত আৰু দুর্যোগ প্রশমন এক্ট ২০০৫ৰ অধীনত গোচৰ ৰুজু কৰিবলৈও নির্দেশটোত কোৱা হৈছে৷

উল্লেখ্য যে বিহু উদযাপনৰ নামত ৰাজ্যখনত যাতে অধিক সংকটৰ সৃষ্টি নহয়, এই উদ্দেশ্যে দুর্যোগ প্রশমন প্রাধিকৰণে শনিবাৰে সকলো জিলা উপায়ুক্তলৈ এই নির্দেশনা জাৰি কৰে৷

ইফালে, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙেও বিহু উদযাপন কমিটীসমূহক ৰাজ্য চৰকাৰৰ ক’ভিড বিধি অনুসৰি নিশা ১১ বজাৰ পাছত বিহুৰ অনুষ্ঠান সমাপ্ত কৰিবলৈ টুইটাৰযোগ আহ্বান জনাইছে৷ ক’ভিড বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আইন অনুযায়ী ব্যৱস্থা গ্রহণ কৰিব বুলিও সকীয়াই দিয়ে শীর্ষ আৰক্ষী বিষয়াজনে৷

You might also like