নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউছ অৱ লর্ডছৰ বেৰ’নেছ নিযুক্তি লখিমপুৰৰ আয়েশা ইউছুফক

🔹 ব্রিটিছ পার্লিয়ামেণ্টত অসম ললনাৰ ইতিহাস

বিশেষ বার্তা,  ১২ মে’ : ব্রিটিছ পার্লিয়ামেণ্টত ইতিহাস ৰচনা কৰিছে এগৰাকী অসম ললনাই৷ পূর্বপুৰুষ তথা পিতৃগৃহ লখিমপুৰৰ আয়েশা ইউছুফ হাজৰিকাই ব্রিটিছ উচ্চ সদন হাউছ অৱ লর্ডছৰ ‘বেৰ’নেছ’ (মহিলা সদস্যা) হোৱা প্রথমগৰাকী অসমীয়ামূলৰ ব্যক্তি হোৱাৰ গৌৰৱ অর্জন কৰিছে৷ উত্তৰ লখিমপুৰৰ কেবি ৰোড নিৱাসী অধিবক্তা প্রয়াত ইউছুফ আলী হাজৰিকাৰ পুত্র ডাক্তৰ লিয়াকত আলী হাজৰিকা (পুতুল)ৰ জীয়ৰী আয়েশা ইউছুফ হাজৰিকাই লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰত হাউছ অৱ লর্ডছৰ এগৰাকী ‘বেৰ’নেছ’ হিচাপে যোৱা ৯ মে’ত কার্যভাৰ গ্রহণ কৰে৷ অৱশ্যে ইয়াৰ পূর্বে স্কটলেণ্ডৰ গ্লাছগ’ নিৱাসী আয়েশা ইউছুফ হাজৰিকাই প্রাক্তন ব্রিটিছ প্রধানমন্ত্রী গর্ডন ব্রাউন, সাংসদ হেৰিট হার্মান আৰু ভাৰপ্রাপ্ত প্রধানমন্ত্রী এড মিলিবেণ্ডৰ বিশেষ উপদেষ্টা হিচাপে কার্যনির্বাহ কৰাৰ সমান্তৰালভাৱে উচ্চ সদনত ‘বেৰ’নেছ’ হিচাপে কম সময়ৰ এক অনুষ্ঠানত পৰম্পৰাগত ‘স্কাৰলেট ৰপছ’ পিন্ধাৰ গৌৰৱ অর্জন কৰিছে৷ সেই সময়ত ‘বেৰ’নেছ’ আয়েশা ইউছুফ হাজৰিকাক সহযোগ কৰিছিল লেবাৰ পার্টীৰ লর্ড ডাবছ আৰু কেনেডিয়ে৷ উল্লেখ্য যে ‘বেৰ’নেছ’ আয়েশা ইউছুফ হাজৰিকাৰ পিতৃ ডাক্তৰ লিয়াকত আলী হাজৰিকাই ১৯৬০ চনত লখিমপুৰৰ পৰা গৈ গ্লাছগ’ত বসবাস কৰিবলৈ লয়৷ তেওঁৰ ককাক প্রয়াত ইউছুফ আলী হাজৰিকা এজন প্রখ্যাত অধিবক্তা আৰু উত্তৰ লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ আছিল৷ ১৯৭৪ চনত স্কটলেণ্ডৰ বেলচিলত জন্মগ্রহণ কৰা আয়েশা ইউছুফ হাজৰিকাই কোটব্রীজত ডাঙৰ–দীঘল হয়৷ বর্তমান তেওঁ টাইমছ ৰেডিঅ’ৰ এগৰাকী উপস্থাপিকা৷ ২০০৭ চনৰ পৰা ২০১৫ চনলৈকে গর্ডন ব্রাউন, হেৰিট হার্মান আৰু এড মিলিবেণ্ডৰ বিশেষ উপদেষ্টা হিচাপে কার্যনির্বাহ কৰাৰ উপৰি তেওঁ এগৰাকী সুলেখিকা৷ প্রধানমন্ত্রীৰ প্রশ্ণকে ধৰি বিভিন্ন সংসদীয় বিতর্কৰ বাবে তেওঁ টোকা প্রস্তুত কৰিছিল৷ একে সময়তে আয়েশা ইউছুফ হাজৰিকাই সংবাদ মাধ্যমৰে ৰক্ষা কৰিছিল সম্পর্ক৷ মহিলা বিষয়ত এগৰাকী বিশেষজ্ঞ হিচাপে পৰিচিত আয়েশা ইউছুফ হাজৰিকাই ব্রিটিছ পার্লিয়ামেণ্টৰ মাইলৰ খুঁটিস্বৰূপ ‘সমতা আইন ২০১০’ৰ খচৰা প্রস্তুত কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়াইছিল৷ ৰেডিঅ’ উপস্থাপিকাৰ পৰা লেবাৰ পার্টীৰ সদস্যালৈ বর্ণিল ৰাজনৈতিক পৰিক্রমাৰ মাজতে আয়েশা ইউছুফ হাজৰিকাই লণ্ডন ইভিনিং ষ্টেণ্ডার্ড, স্কটছমেন, গ্রেজিয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত স্তম্ভ লেখক হিচাপেও অৰিহণা আগবঢ়াই আহিছে৷ ইয়াৰ মাজতে বিবিচিৰ এন্দ্রিউ মাৰ শ্ব’, নিউজ নাইট, স্কাই নিউজ, গুড মর্নিং ব্রিটেইন, এলবিচি আৰু চিএনএন ইণ্টাৰনেচনেলসহ কেতবোৰ টেলিভিছন আৰু ৰেডিঅ’ত তেওঁ সঘনাই অভিনয়ো কৰি আহিছে৷ ২০১৯ চনৰ আগষ্ট মাহত তেওঁক ইভিনিং ষ্টেণ্ডার্ডৰ সন্মানীয় ডায়েৰী পেজ দ্য লণ্ডনৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়৷ আয়েশা ইউছুফ হাজৰিকা দ্য নিউজ কুইজ, বিবিচি, ৰেডিঅ’ স্কটলেণ্ডৰ দ্য ব্রেকিং নিউজ আৰু হেভ আই গট নিউজ ফৰ ইউ আদি বহু ব্যংগ শ্ব’ৰো চিনাকি মুখ তথা কণ্ঠস্বৰ৷ তেওঁৰ প্রথমখন গ্রন্থ ‘পান্স এণ্ড জুডি পলিটিকছ–এন ইনচাইডার্ছ গাইড টু প্রাইম মিনিষ্টাৰ কুৱেচনছ’ প্রকাশ পাইছিল ২০১৮ চনৰ মে’ মাহত৷ ২০১৬ চনত ৰাজনীতিৰ ক্ষেত্রখনলৈ আগবঢ়োৱা সেৱাৰ বাবে তেওঁ এমবিই আৰু ২০১৯ চনৰ জানুৱাৰী মাহত হাল বিশ্ববিদ্যালয়ৰ পৰা আইনত সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে৷ ব্রিটিছ উচ্চ সদনৰ ‘বেৰ’নেছ’ হিচাপে নিযুক্তি লাভ কৰাত আয়েশা ইউছুফ হাজৰিকাৰ শিপা থকা লখিমপুৰবাসীৰ মাজত আনন্দৰ বা বলিছে৷ লখিমপুৰৰ পৰা যোৱা এটা পৰিয়ালৰ সন্তানে এইদৰে হাউছ অৱ লর্ডছৰ সন্মানীয় পদবী লাভ কৰাত গৌৰৱান্বিত হৈছে সকলোৱে৷

You might also like