নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ পাইকাৰকুছি-কেন্দুকছি সংযোগী পথত ডকাইতি

নলবাৰী জিলাৰ পাইকাৰকুছি–কেন্দুকছি সংযোগী পথত ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হয়। পিষ্টল দেখুৱাই আদাৰ্চ জৈন নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে ২ লাখ টকাৰো অধিক নগদ ধন কাঢ়ি লৈ যায়।

প্ৰাপ্ত তথ্য অনুসাৰে, দুখন বাইকত আহিছিল ডকাইতৰ ৪জনীয়া দলটো। ফুট গধূলিৰ সময়তে সংঘটিত হোৱা এই ঘটনাত পিষ্টল দেখুৱাই ব্যৱসায়ীজনক ভীতি প্ৰদৰ্শন কৰি ধনৰ লগতে এটা মোবাইল ফোনো লৈ যায়। পিছত মোবাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী। আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে আৰু ডকাইতৰ সন্ধানত অভিযান চলাই আছে।

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ

You might also like