শ্ৰীভূমিত ৰাইজে আটক কৰিলে সন্দেহজনক বাংলাদেশী লোকক
শ্ৰীভূমি চহৰৰ গাছকালিবাৰী ৰোডত ৰাইজে আটক কৰিলে সন্দেহজনক বাংলাদেশী লোকক। ৰাইজে কৰায়ত্ত কৰা লোকৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশৰ টকা। স্থানীয় ৰাইজৰ জেৰাৰ অন্তত লোকজনে স্বীকাৰ কৰে যে তেওঁৰ ঘৰ বাংলাদেশত।
ধৃত লোকজনৰ নাম কমৰুল ইছলাম। তেওঁৰ ঘৰ বাংলাদেশৰ বৰিশালত বুলি জানিবলৈ দিয়ে। স্থানীয় ৰাইজে লোকজনক তালাচী চলাই উদ্ধাৰ কৰে বাংলাদেশৰ টকা। স্থানীয় ৰাইজে লোকজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
কাঁইটীয়া তাঁৰৰ বেৰৰ তলেদি লোকজন ভাৰতত সোমাইছিল বুলি জানিব দিয়ে। স্থানীয় ৰাইজে জনোৱা মতে, চহৰ সংলগ্ন সৰিষা অঞ্চলদি অবৈধভাৱে কাঁইটীয়া তাঁৰৰ বেৰ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ