দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ IPS বিষয়া ৰৌনক আলী হাজৰিকা
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকা ৷ আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ IPS বিষয়াগৰাকীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ হয় আইপিএচ বিষয়াগৰাকী ৷
হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত DIGক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।
উল্লেখ্য যে অসম চৰকাৰৰ পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত আছিল আই পি এছ ৰৌণক আলী হাজৰিকা। চলিত বৰ্ষৰ ২০ জুলাইত ৰাজ্যপাল জগদীশ মুখীয়ে এক আদেশযোগে DIGP ৰৌণক আলী হাজৰিকাক কৰিছিল নিলম্বন।
অসম আৰক্ষীৰ এক বিবৃতি অনুসৰি গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল আই পি এছ বিষয়াগৰাকীয়ে। তাৰোপৰি আয়তকৈ অধিক সম্পত্তি থকাৰো গুৰুতৰ অভিযোগ আছিল অসম আৰক্ষীৰ এইগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ৷