নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মছজিদ আক্রমণৰ পিছতে কাবুলত আইছিছৰ ঘাটি উৎখাত তালিবানৰ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ মছজিদ এটাত সন্দেহজনক ইছলামিক ষ্টেট সন্ত্রাসবাদীয়ে সংঘটিত কৰা আক্রমণৰ ঘটনাত ৫জন লোক নিহত হোৱাৰ মাত্র কেইঘণ্টামান পিছতেই তালিবানে জেহাদীৰ ঘাটি এটা উৎখাত কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ স্মর্তব্য যে আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত ইছলামিক ষ্টেটৰ কূটাঘাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশখনত৷ বিগত দুটা মাহৰ ভিতৰত ইছলামিক ষ্টেট জেহাদীৰ কেইবাটাও বিস্ফোৰণত নিহত হৈছে তিনি শতাধিক লোক৷

আনকি ইছলামিক ষ্টেটে শেহতীয়াকৈ আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে তালিবান যোদ্ধাক৷ পাক সীমান্তৱর্তী অঞ্চলত তালিবান যোদ্ধাৰ বাহনত সংঘটিত কৰা বিস্ফোৰণত ইতিমধ্যে কেইবাজনো যোদ্ধা নিহত হৈছে৷ শেহতীয়াকৈ আফগানিস্তানৰ পৰা ইছলামিক ষ্টেটক উৎখাতৰ সংকল্প লৈছে তালিবানে৷

তালিবানৰ মুখপাত্র জাবিহুল্লা মুজাহিদে  সংবাদ মাধ্যমক জনোৱা অনুসৰি কাবুলৰ উত্তৰ প্রান্তত ইছলামিক ষ্টেটৰ বিৰুদ্ধে তালিবান যোদ্ধাই আৰম্ভ কৰিছে অভিযান৷ কালি সন্ধিয়াৰ পৰা চলা এই অভিযানত ইতিমধ্যে ইছলামিক ষ্টেটৰ ঘাটি এটা উৎখাত হোৱা বুলিও দাবী কৰিছে মুখপাত্রগৰাকীয়ে৷ এই অভিযান কালত নিহত হৈছে ২০জনতকৈ অধিক ইছলামিক ষ্টেট জেহাদী৷

You might also like