নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব আৰএছএছৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত

অংশ ল’ব সংঘৰ প্রেৰণা শিবিৰত

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ:  দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত৷ চন্দ্রপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্রকল্পত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা প্রেৰণা শিবিৰত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব লগা মোহন ভাগৱতে এই কার্যসূচীৰ পাছতে ভ্রমণ কৰিব উত্তৰ–পূব৷ এই সন্দর্ভত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্রান্তৰ প্রচাৰপ্রমুখ কিশোৰ শিৱমে জানিবলৈ দিয়া মতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ আগন্তুক শতবর্ষ জয়ন্তীৰ প্রতি লক্ষ্য ৰাখি সংঘকার্য বিস্তাৰ আৰু কার্যকর্তাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে৷

সংঘৰ উত্তৰ অসম প্রান্তৰ হাজংবৰী, চন্দ্রপুৰস্থিত বিদ্যাভাৰতীৰ বহুমুখী শৈক্ষিক প্রকল্পত অনুষ্ঠিত হ’ব লগা শিবিৰত শতাব্দী বর্ষৰ বাবে সংঘৰ কার্যবৃদ্ধি আৰু বিভিন্ন গতিবিধিৰ বিষয়ে চিন্তা–চর্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন হ’ব৷ আজিৰে পৰা অনুষ্ঠিত হ’ব লগা প্রেৰণা শিবিৰৰ অন্তিম দিনা অর্থাৎ ১১ ডিচেম্বৰত সৰসংঘচালক মোহন ভাগৱতে উত্তৰ অসম প্রান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হৈ সমাৰোহ কার্যক্রমত বৌদ্ধিক প্রদান কৰিব৷

উল্লেখ্য যে মোহন ভাগৱতৰ এই প্রবাস কেৱল কার্যকর্তাৰ বাবেহে অনুষ্ঠিত কৰা হৈছে৷ সেয়েহে সংঘ কার্যকর্তাসকলেহে এই শিবিৰত অংশ ল’ব পাৰিব৷ এই শিবিৰত প্রায় ৩০০০ কার্যকর্তা শিক্ষার্থী হিচাপে উপস্থিত থাকিব৷ এই শিবিৰৰ পাছতে ১১ ডিচেম্বৰৰ আবেলিৰ ভাগত অৰুণাচললৈ যাত্রা কৰিব মোহন ভাগৱতে৷

You might also like