নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা গোপনভাৱে পুনৰ আম্বানিৰ চিৰিয়াখানলৈ প্রেৰণ কৰা হ’ল দুটাকৈ গঁড় পোৱালি

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ:  অসম ৰাজ্যিক চিৰিয়াখানাত অব্যাহত আছে আম্বানিপ্রীতি৷ ব্লেক পেন্থাৰ, বান্দৰ, চৰাই আদি গুজৰাটৰ জামনগৰত থকা আম্বানিৰ চিৰিয়াখানালৈ প্রেৰণ কৰাৰ পাছত কালি নিশা গোপনে প্রেৰণ কৰা হ’ল দুটাকৈ গঁড়ৰ পোৱালি৷ একমাত্র আম্বানিৰ স্বার্থতে সকলো নীতি–নিয়ম জলাঞ্জলি দি বন বিভাগে নিশাৰ ভাগত দুটাকৈ গঁড় গুজৰাটলৈ প্রেৰণ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ কি লাভৰ স্বার্থত অসমৰ বন্য সম্পদ আম্বানিৰ চিৰিয়াখানালৈ যোগান ধৰা হৈছে, তাক লৈ উঠিছে একাধিক প্রশ্ন৷

উল্লেখ্য যে বুধবাৰে নিশা দুখন ট্রাক আৰু তিনিখন সৰু গাড়ীত গুজৰাটৰ জামনগৰস্থিত চিৰিয়াখানালৈ নটা প্রজাতিৰ বান্দৰ, দুটা গঁড়ৰ পোৱালি, কেইবাটাও ৮টা শিঙৰ হৰিণ আদি লৈ যোৱা হয়৷ অসমৰ ৰাজ্যিক চিৰিয়াখানা খালী কৰি এনেদৰে বন্য জন্তু আম্বানিৰ চিৰিয়াখানালৈ নিয়াৰ ক্ষেত্রত উলংঘন কৰা হৈছে কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণৰ সকলো নীতি–নির্দেশনা৷ নিয়ম অনুসৰি চৰকাৰী চিৰিয়াখানাৰ পৰা ব্যক্তিগত চিৰিয়াখানালৈ জন্তুৰ আদান–প্রদান হ’ব নোৱাৰে৷ তদুপৰি নিশাৰ আন্ধাৰতো জন্তু ৰপ্তানি কৰিব নোৱাৰে৷ এনেবোৰৰ লগতে একেলগে মতা আৰু মাইকী জন্তু নিয়াৰো আছে বাধা৷ কিন্তু সকলো নিয়ম উলংঘা কৰি কালি নিশা ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া (ডি এফ অ’) অশ্বিনী কুমাৰৰ নেতৃত্বত প্রেৰণ কৰা হ’ল অসমৰ আপুৰুগীয়া গঁড়, বান্দৰ, হৰিণ আদি কৰি কেইবাবিধো জন্তু৷

উত্থাপিত অভিযোগ অনুসৰি ৰাজ্যিক চিৰিয়াখানাৰ পৰা এনেদৰে অসমৰ জন্তু ৰপ্তানিত হাত উজান দিছে দুজন চিৰিয়াখানাৰ কর্মচাৰীয়ে৷ বর্তমান জামনগৰৰ আম্বানি ৰিচৰিয়াখানাত যোগদান কৰা এই কর্মচাৰী দুজন হ’ল ৰাজ্যিক চিৰিয়াখানাৰ অৱসৰপ্রাপ্ত চিকিৎসক বিজয় গগৈ আৰু আনজন পৰীক্ষিত কাকতি৷ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ জন্তু নিয়াৰ সকলো প্রক্রিয়াত ভাগ লোৱা এই দুজন কর্মচাৰীয়ে চিনাক্ত কৰে কোনটো জন্তু আম্বানিৰ চিৰিয়াখানালৈ নিয়া হ’ব৷

অতি পৰিতাপৰ বিষয় যে ৰাজ্যিক চিৰিয়াখানাৰ পৰা জন্তু নিয়াৰ সলনি আন জন্তু ইয়ালৈ আনিব লাগে যদিও আম্বানি চিৰিয়াখানাৰ পৰা জন্তুৰ সলনি আহিছে মাত্র দুখন বাহন৷ আম্বানি চিৰিয়াখানাৰ পৰা অসমৰ জন্তুৰ বাবদ জেব্রা, সিংহ আদি জন্তু ৰাজ্যিক চিৰিয়াখানালৈ আনিব বুলি বন বিভাগে অৱগত কৰিছিল যদিও সেয়া যে অসমৰ ৰাইজক আভুৱা ভঁৰা কথা আছিল, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ বন্য জন্তুৰ অভাৱত তথা পৰিচর্যাৰ অভাৱত বহু জন্তু মৃত্যু হোৱাত এতিয়া ৰাজ্যিক চিৰিয়াখানা প্রায় উদং৷ বন্য জন্তুসমূহৰ অৱস্থাও তথৈবচ৷ এনে অৱস্থাত ৰাজ্যিক চিৰিয়াখানাক অধিক আকর্ষণীয় কৰাৰ স্বার্থত বন বিভাগে বন্য জন্তুৰ আমদানি কৰিব লাগিছিল যদিও ইয়াৰ পৰা গোপনে আম্বানিৰ চিৰিয়াখানালৈ চালানহে দি আছে৷ কার্যতঃ ইয়াৰ দ্বাৰা ৰাজ্যিক চিৰিয়াখানাই উপার্জন কৰি অহা ৰাজহ ঘাটি কৰাই নহয়, ক্রমাৎ ধ্বংসৰ মুখলৈ ঠেলি দিছে চিৰিয়াখানাখন৷ অসমৰ জন্তু গুজৰাটৰ জামনগৰলৈ চালান দি কাৰ স্বার্থ পূৰণ কৰিছে, অথবা কিমান আয় কৰিলে, সেই সন্দর্ভত কিন্তু নীৰৱ বন বিভাগ৷ ইফালে, কালি নিশা জন্তু প্রেৰণত বাধা দিয়া চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্রতিবাদকাৰীৰ সৈতে ডি এফ অ’ৰ সংঘাতৰ সৃষ্টি হয়৷

You might also like