বর্ষাপাৰাত বিজয়বঞ্চিত ৰিয়ানৰ ৰাজস্থান, ডি ককৰ দৰ্শনীয় বেটিঙেৰে জয় KKRৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ বর্ষাপাৰাতো বিজয় বঞ্চিত ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ৷ চলিত আইপিএলৰ নিজৰ দ্বিতীয়খন মেচতো পৰাজয়ৰ সন্মুখীন হয় ৰাজস্থান৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পাছত চলিত আইপিএলৰ বর্ষাপৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনতো ৰাজস্থান ৰয়েলছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ হাতত ৮ উইকেটত পৰাজয় স্বীকাৰ কৰে৷ মেচখনত ঘৰুৱা দল ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অপেনাৰ কুইণ্টন ডি ক’কৰ দর্শনীয় অপৰাজিত অর্ধশতকৰ সহায়ত কলকাতাই ১৭.৩ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ডিফেণ্ডিং চেম্পিয়ন দলটোৰ আৰম্ভণি সুখকৰ নাছিল যদিও ডি ক’কে দায়িত্বশীল বেটিং দাঙি ধৰি দলৰ জয়ত মুখ্য ভূমিকা লয়৷ দলীয় স্ক’ৰ ৭০ ৰানতে মঈন আলী আৰু অধিনায়ক আজিংক্য ৰাহানেক হেৰুৱাইছিল কলকাতাই৷ অপেনাৰ মঈন আলীয়ে ৫ ৰানত ৰানআউট হোৱাৰ বিপৰীতে ৰাহানেই ১৮ ৰান কৰি বিদায় লয়৷ অৱশ্যে ডি ক’কে অংকৃশ ৰঘুবংশীৰ সৈতে লগ লাগি তৃতীয় উইকেটত অপৰাজিতভাৱে ৮৩ ৰান সংগ্রহ কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ ডি ক’কে ৬১টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে ৯৭ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰঘুবংশীয়ে ১৭টা বলত দুটা বাউণ্ডেৰীৰে ২২ ৰান কৰি নটআউট হৈ থাকে৷ ডি ক’কক ৰাজস্থান ৰয়েলছৰ কোনো এজন বলাৰে প্রত্যাহ্বান জনাব নোৱাৰিলে৷ ৰাজস্থান ৰয়েলছৰ হৈ ৱানিন্দু হাছাৰাংগাই একমাত্র উইকেটটো দখল কৰে৷ উল্লেখ্য যে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে চলিত আইপিএলত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিলে৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত নাইট ৰাইডার্ছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ইয়াৰ পূর্বে কলকাতা নাইট ৰাইডার্ছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি আক্রমণাত্মক আৰম্ভণি কৰাত ব্যর্থ হয় ঘৰুৱা দল ৰাজস্থান ৰয়েলছ৷ কলকাতা নাইট ৰাইডার্ছৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত ৰিয়ান পৰাগ বাহিনীয়ে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্রহ কৰে৷ যশস্বী জয়ছোৱাল আৰু সঞ্জু ছেমছনে ইনিংছ মুকলি কৰিবলৈ আহি প্রথম উইকেটৰ যুটিত ৩৩ ৰান সংগ্রহ হোৱাৰ সময়তে ছেমছন ব্যক্তিগত ১৩ ৰানত পেভিলিয়নমুখী হয়৷ দলটোৰ স্থায়ী অধিনায়কগৰাকীৰ ১১টা বলৰ ইনিংছটোত আছিল দুটা বাউণ্ডেৰী৷ ছেমছন আউট হোৱাৰ পিছত ক্রিজলৈ আহে অধিনায়ক অসম সন্তান৷ তিনিটাকৈ সুবিশাল ছিক্সাৰ কোবাই আক্রমণাত্মক বেটিং কৰাৰ ইংগিত দিয়াৰ সময়তে বৰুণ চক্রৱর্তীৰ চিকাৰ হয় ৰিয়ান৷ অসম সন্তানগৰাকীয়ে ১৫টা বলত তিনিটা ছয়েৰে ২৫ ৰান কৰি বিদায় লয়৷ ৰিয়ানৰ বিদায়ৰ সময়ত ৰাজস্থানৰ স্ক’ৰ আছিল দুই উইকেটত ৬৭ ৰান৷ ইয়াৰ পাছতে দলটোৰ বিপর্যয় আৰম্ভ হয় আৰু এটাৰ পিছত আন এটা উইকেট হেৰুৱাবলৈ ধৰে ৰাজস্থানে৷ ৰিয়ান আউট হোৱাৰ কিছু সময়ৰ পাছতে জয়ছোৱালে ২৯, ৱানিন্দু হাছাৰাংগাই ৪ আৰু নীতিশ ৰাণাই ৮ ৰান কৰি বিদায় লয়৷ অৱশ্যে ধ্রুৱ জুৰেলে শুভম ডুবেৰ সৈতে ষষ্ঠ উইকেটত ২৮ ৰান কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে যদিও পৰৱর্তী বেটাৰৰ পৰা যোগ্য সহযোগ নোপোৱাৰ বাবে ৰাজস্থানে বৃহৎ স্ক’ৰ থিয় কৰোৱাত ব্যর্থ হয়৷ ধ্রুৱ জুৰেলে দলটোৰ হৈ সর্বাধিক ৩৩ ৰান কৰে৷ শুভমে ৯ আৰু ছিমৰন হেটমায়েৰে ৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ জোফ্রা আর্চাৰে ৭টা বলত দুটা ছয়েৰে ১৬ ৰান কৰে৷ কলকাতা নাইট ৰাইডার্ছৰ হৈ বৈভৱ আৰোৰা, হর্ষিত ৰাণা, মঈন আলী আৰু বৰুণ চক্রৱর্তীয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে স্পেনছাৰ জনছনে এটা উইকেট লাভ কৰে৷