নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সকল’ ইটাভাতাত অঘটন : শ্ৰমিকৰ প্ৰাণহানি

🔹 ইটাভাতাৰ স্বত্বাধিকাৰীৰ গাফিলতিত চাৰি শ্ৰমিকৰ গাত খহি পৰে ডগ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : বিলাসীপাৰাৰ সীমান্তৱৰ্তী মালগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হয়। কোকৰাঝাৰ জিলাৰ মালগাঁৱত ‘সকল’ ইটা উদ্যোগত ডগ ভাঙি এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হয়। জানিব পৰা মতে, ইটাৰ কাম কৰি থকা অৱস্থাত ডগ ভাঙি ইটাৰ তলত পৰে চাৰি শ্ৰমিক। পিছত ভাতাৰ স্বত্বাধিকাৰীয়ে JCBৰে খান্দি চাৰি শ্ৰমিকক উলিয়াই ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তেই এজন শ্ৰমিকৰ মৃত্যু হয়। মৃত শ্ৰমিকগৰাকী হাছিনা বিবি বুলি জানিব পৰা গৈছে। সম্প্ৰতি আন তিনিজন শ্ৰমিকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ‘সকল’ ইটাভাতাৰ স্বত্বাধিকাৰীৰ চৰম গাফিলতিৰ ফলত এই অনাকাংক্ষিত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাৰ উচিত তদন্ত বিচাৰি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে। ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like