নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’ল-ডিজেলৰ দাম ২ টকাকৈ হ্রাস

🔹 কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী পুৰীৰ ঘোষণা

বিশেষ বাৰ্তা, ১৫ মার্চ : লোকসভা নির্বাচনৰ দিন ঘোষণাৰ ক্ষণ গণি থকাৰ সময়তে কালি প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ দাম ২ টকাকৈ হ্রাস কৰিলে মোদী চৰকাৰে৷ যোৱা ৮ মার্চত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১০০ টকাকৈ হ্রাস কৰাৰ পিছত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীয়ে পেট্র’ল আৰু ডিজেলৰ দাম ২ টকাকৈ হ্রাস কৰিলে৷ লক্ষণীয় যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পেট্র’ল আৰু ডিজেলৰ দাম ২ টকাকৈ হ্রাস কৰাৰ ঘোষণা কৰাৰ পিছত ৰাজহুৱা তেল বিতৰণ কোম্পানীসমূহে আনুষ্ঠানিকভাৱে এই দাম হ্রাস পোৱা বুলি ঘোষণা কৰিছে৷

You might also like