নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ডিব্ৰুগড়ৰ লাহোৱালৰ নাহৰচুক বাৰী চাহ ফেক্টৰীত উৎপাদিত চাহে সৰ্বভাৰতীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ আজি কলকাতাৰ চাহ নিলাম কেন্দ্ৰত লাহোৱাল ডিকমৰ AFT TECHNO TRADE নামৰ চাহ ফেক্টৰীত উৎপাদিত গোল্ডেন পাৰ্ল নামৰ চাহবিধৰ প্ৰতি কেজি দৰ উঠিল ১,৫১০০১ এক লাখ একাউন্ন হাজাৰ এক টকা। কলকাতাৰ হিন্দুস্তান টি এস্কপৰ্টাৰছ নামৰ কোম্পানীটোৰ যোগেদি ৰাছিয়াৰ“ মিখাইল” নামৰ এটা কোম্পানীটোৱে লাহোৱাল ডিকমৰ নাহৰচুকবাৰী টি ফেক্টৰী অৰ্থাৎ AFT TECHNO TRADE নামৰ চাহ উদ্যোগত উৎপাদিত গোল্ডেন পাৰ্ল নামৰ চাহ বিধ ১,৫১,০০১ মূল্যত ক্ৰয় কৰে। উল্লেখ্য যে ডিব্ৰুগড়ৰ লাহোৱাল ডিকমস্থিত নাহৰচুকবাৰী ফেক্টৰী অৰ্থাৎ AFT TECHNO TRADE নামৰ কোম্পানীটোৰ অধীনত নিজা কোনো চাহ বাগিছা নাই ,কেৱল ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সংগ্ৰহ কৰা কেঁচা চাহ পাতেই কোম্পানীটোৱে দীৰ্ঘদিনৰ পৰা উৎপাদন কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ ইফালে বিগত ২০২১বৰ্ষত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত নাহৰচুকবাৰী চাহ ফেক্টৰীত উৎপাদিত গোল্ডেন পাৰ্ল নামৰ চাহৰ প্ৰতিকেজি দৰ আছিল ৯৯,৯৯৯টকা।
প্ৰেৰক কাঞ্চজ্যোতি গোহাঁই