নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা পজিটিভ কন্যাৰ সৈতে চিকিৎসালয়ত একেলগে থকাৰ পাছতো মাতৃ আক্ৰান্ত নহ’ল ক’ৰোনাত, কিয় ?

নিয়মীয়া বাৰ্তা, ২৫ মেঃ যিসময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি আহি পুনৰ ক’ৰোনাৰ দৰে মহামাৰীক সাহসেৰে জয় কৰিবলৈ সক্ষম হ’ল ১৩ বছৰীয়া চম্পা ।

মুম্বাইৰ এছআৰচিচি হাস্পতালত অপেন হাৰ্ট ছাৰ্জাৰী কৰিছিল চম্পাৰ । সফলতাৰে অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছত লকডাউনৰ বাবে মাতৃৰ সৈতে চম্পা অসমলৈ উভতিব পৰা নাছিল । অৱশেষত যোৱা ১১ মে’ত অসমত আহি উপস্থিত হোৱাৰ পাছত চম্পাৰ দেহত পোৱা গৈছিল ক’ভিড-১৯ পজিটিভ । যাৰ পাছতে চম্পাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তাইৰ মাতৃয়ো তাইৰ লগতে আছিল ।

অৱশ্যে আশ্চৰ্যজনক কথাটো হ’ল যে ক’ৰোনা পজিটিভ কন্যাৰ সৈতে একেলগে থকাৰ পাছতো মাতৃ পুষ্পাৰ দেহলৈ সংক্ৰমণ নহ’ল ক’ৰোনা ।

উল্লেখ্য যে, চম্পাৰ সৈতে একেলগে চিকিৎসালয়ত থকাৰ সময়ত মাতৃ পুষ্পা বৰাই এগৰাকী ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ সৈতে ল’বলগীয়া সকলো ধৰণৰ সাৱধানতা লৈছিল । লগতে মাতৃ পুষ্পা বৰাই কন্যা চম্পাক খোৱা সামগ্ৰী বা অন্যান্য বস্তু দিয়াৰ পাছত সঘনাই হাত ধুইছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

অৱশেষত আজি মাতৃ-কন্যা দুয়োৰে দেহত ক’ভিড নিগেটিভ হোৱাৰ পাছত নিজ গৃহলৈ যাবলৈ দিয়া হ’ল আৰু কণমানি চম্পাক উপহাৰৰ টোপোলা দি বিদায় জনালেহি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

 

You might also like