নিয়মীয়া বাৰ্তা, ৬ জুলাই : জেষ্ঠ সাংবাদিক ছত্ৰপতি গোস্বামীৰ (৪৮) আজি পুৱা দেহাৱসান ঘটে। হৃদজনিত ৰোগত আক্ৰান্তই মৃত্যু হয় সাংবাদিক গৰাকীৰ। ছত্ৰপতি গোস্বামী বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ স্থানীয় সাংবাদিক আছিল। প্ৰায় পঁচিশ বছৰ ধৰি সাংবাদিকতাৰ লগত জড়িত গোস্বামীয়ে কেইবাখনো স্মৃতিগ্ৰন্থ, আলোচনী সম্পাদনা কৰিছে৷ প্ৰেৰণা মঞ্চ নামৰ অনুষ্ঠানৰ জড়িয়তে সাপটগ্ৰামত সাহিত্যানুষ্ঠান, গছ বিহুকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অহা গোস্বামী বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল৷ কিছুদিনৰ পৰা শাৰীৰিক সমস্যাত ভুগি থকা গোস্বামী আজি পুৱা প্ৰায় দহ বজাত সাপটগ্ৰামৰ শুৰীপাৰাৰ নিজ বাসগৃহত অসুস্থ হৈ পৰে আৰু শেষ নিশ্বাস ত্যাগ কৰে ৷ সাংবাদিকগৰাকীৰ অকাল বিয়োগত সাপটগ্ৰাম আৰু বিলাসীপাৰাত শোকৰ ছাঁ পৰে। বিলাসীপাৰা প্ৰেছ ক্লাৱত শোকসভা অনুষ্ঠিত কৰি গভীৰ শোক প্ৰকাশ কৰে ৷ প্ৰয়াত গোস্বামীৰ অৱদান স্মৰণীয় হৈ থাকিব বুলি সভাই মতপোষণ কৰে। অসমীয়া দৈনিক কাকত এখনৰ সাংবাদিকতাৰ লগতে বিভিন্ন কাকত আলোচনীত প্ৰবন্ধ-নিবন্ধ লিখা, সাহিত্য চৰ্চা কৰা গোস্বামীয়ে অসম সাহিত্য সভাৰ এগৰাকী নিষ্ঠাবান সেৱক আছিল আৰু তেওঁৰ বিয়োগত গভীৰ শোক নিবেদন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মাই ৷ অসম সাহিত্য সভাই এগৰাকী নিষ্ঠাবান সাংবাদিকক হেৰুৱালো বুলি প্ৰকাশ কৰি সৎ সহজ-সৰল আৰু সত্যনিষ্ঠ সাংবাদিকগৰাকীক পাহৰিব নোৱাৰি বুলি জনায় ৷ ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথে সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ হাকামা শাখা সাহিত্য সভাৰ ধ্ৰুৱৰঞ্জন চক্ৰৱৰ্তী,আলতাপ হুছেইন আহমেদ, অৰণ্য সুৰক্ষা সমিতি, হাকামা বিল পক্ষী উদ্যান সমিতি, বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰ পৰিচালনা সমিতি আদি বিভিন্ন দল-সংগঠনে গোস্বামীৰ মৃত্যত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ বিলাসীপাৰা জিলা যোগী সন্মিলনী, বিলাসীপাৰা মহিলা সন্মিলনী, বিলাসীপাৰা জিলা নাথ-যোগী ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰে। নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাই প্ৰয়াত গোস্বামীৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ প্ৰয়াত গোস্বামীয়ে পত্নী, দুই কন্যা সন্তান সহ আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায়। আবেলি স্থানীয় শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
প্ৰেৰক সমৰেশ শীল শৰ্মা