নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ নোৱাপাৰাত গৰুচোৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাই : কামৰূপৰ বকোৰ নোৱাপাৰাত আজি চাৰিটা গৰু চোৰক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। বকো থানাৰ অন্তৰ্গত নোৱাপাৰাৰ চৈতন কলিতা নামৰ এজন লোকৰ ঘৰত গৰু চোৰ কৰিবলৈ আহোতে একাংশ স্থানীয় লোকে উত্তম-মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক। এখন বলেৰ’ পিকআপ বাহনেৰে চাৰিজন গভাইত চোৰে চৈতন কলিতাৰ ঘৰত চুৰি কৰিবলৈ আহোতে স্থানীয় লোকে উমান পাই চোৰৰ দলটোৰ প্ৰথমে তিনিজন চোৰক কৰায়ত্ত কৰে।ইয়াৰ পিছতে স্থানীয় লোকে বকো আৰক্ষী থানাত খবৰ দিয়ে।খবৰ পোৱাৰ লগে লগে বকো আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক মুকুট আলীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তিনিওজন চোৰক আটক কৰে আৰু বলেৰ’ পিকআপ খন জব্দ কৰে।বকো আৰক্ষীয়ে ধৃত চোৰ কেইজনক সোধ পোচ কৰাত তেওঁলোকৰ সহযোগী জহৰুল নামৰ আন এজন চোৰ পলাই যায় বুলি স্বীকাৰ কৰে আৰু ইয়াৰ পিছতে বকো আৰক্ষীয়ে চোৰ কেইজনক লগত লৈ চাম্পুপাৰা পথাৰৰ পলাতক চোৰ জহৰূলৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত এখন যোদ্ধা বাহন সহ চালক জয়নাল উদ্দিনক আটক কৰে। খবৰ অনুসৰি আৰক্ষীয়ে আটক কৰা চোৰ কেইজনৰ ৰাইজৰ উত্তম মধ্যমত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হুচেইন আলীক প্ৰথমে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে সংকট জনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ধৃত চোৰ কেইজনৰ ঘৰ বকোৰ নতুন দেওচৰত বুলি জানিব পৰা গৈছে। জব্দকৃত যোদ্ধা বাহন খনৰ নম্বৰ এ এছ পি চি ০৮৪৭ আৰু বলেৰ’ বাহন খনৰ নম্বৰ এ এছ ২৫ দি চি ৯০৬০।ইয়াৰ পিছতে বকো আৰক্ষীয়ে আটকাধীন চোৰ মকবুল হুচেইন,মহিদুল ইচলাম,চালক জয়নাল উদ্দিনক বকো আৰক্ষী থানালৈ লৈ আনি জেৰা চলাই পৰবৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে আৰু জেল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like