নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক পৰিক্রমা বিষয়ক কমিটীত অন্তর্ভুক্ত সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: প্রধানমন্ত্রী নৰেন্দ্র মোদী কেবিনেটত ক্রমাৎ শক্তিশালী ৰূপত আত্মপ্রকাশ ঘটিছে ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীত মঙলবাৰে সোণোৱালক অন্তর্ভুক্ত কৰা হয়৷ উল্লেখ্য যে চৰকাৰী নীতি নির্ধাৰক ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীখনৰ গুৰুত্ব অপৰিসীম৷ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী হিচাপে সোণোৱালৰ উপৰি কেন্দ্রীয় নাৰী আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰাণী, পৰিৱেশ আৰু শ্রম বিভাগৰ কেবিনেট মন্ত্রী হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা ভূপেন্দৰ যাদৱ, নতুন কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়া আৰু গ্রাম উন্নয়ন মন্ত্রী গিৰিৰাজ সিঙকো ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীত মঙলবাৰে অন্তর্ভুক্ত কৰে প্রধানমন্ত্রীয়ে৷

উল্লেখ্য যে ইয়াৰ পূর্বে বিদায়ী কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদ আৰু হর্ষবর্ধন আছিল এই কমিটীৰ অন্যতম সদস্য৷ আনহাতে কেবিনেট কমিটীৰ সালসলনিত মন্ত্রী কিৰেণ ৰিজিজু, বীৰেন্দ্র কুমাৰ আৰু অনুৰাগ ঠাকুৰক কেন্দ্রীয় প্রতিৰক্ষী মন্ত্রী ৰাজনাথ সিং নেতৃত্বাধীন সংসদীয় বিষয়ক কেবিনেট কমিটীত স্থান দিয়া হৈছে৷ একেদৰে বিনিয়োগ আৰু বিকাশ বিষয়ক কেবিনেট কমিটীত নতুনকৈ স্থান দিয়া হৈছে মন্ত্রী নাৰায়ণ ৰানে, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু অশ্বিনী বৈষ্ণৱক৷ বৈষ্ণৱক ভূপেন্দৰ যাদৱ, আৰ চি পি সিং আৰু জি কিষাণ ৰেড্ডীৰ সৈতে কর্মসংস্থাপন আৰু দক্ষতা বিষয়ক কেবিনেট কমিটীত অন্তর্ভুক্ত কৰা হৈছে৷

লক্ষণীয়ভাৱে প্রতিৰক্ষা বিষয়ক কেবিনেট কমিটীত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু বিদেশ মন্ত্রী এছ জয়শংকৰ৷ আনহাতে কেন্দ্রীয় কেবিনেটৰ দুজনীয়া নিয়োগ কমিটীত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ৷

লক্ষণীয়ভাৱে যোৱা সপ্তাহত মন্ত্রীসভাৰ বৃহৎ সালসলনি তথা সম্প্রসাৰণৰ পিছত আজি প্রধানমন্ত্রীয়ে কৰা কেন্দ্রীয় কেবিনেট কমিটীৰ সালসলনি আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ বিশেষকৈ অতি গুৰুত্বপূর্ণ ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীত ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিজেপিৰ শক্তিশালী সাধাৰণ সম্পাদক হিচাপে মন্ত্রী ভূপেন্দৰ যাদৱৰ অন্তর্ভুক্তিক লৈ দিল্লীৰ ৰাজনৈতিক মহলত জোৰ চর্চা চলিছে৷

You might also like