নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্বহীন আচৰণেৰে তৃতীয় জোৱাৰ নামাতিব

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: দায়িত্বজ্ঞানহীন আচৰণেৰে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক আমন্ত্রণ নকৰিবলৈ দেশবাসীক সাৱধানবাণী শুনালে কেন্দ্রীয় চৰকাৰে৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ পৰা ৰক্ষা পাবলৈ দেশবাসীয়ে ক’ভিড প্রট’কল সঠিকভাৱে মানি চলিব লাগিব বুলি মঙলবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আহ্বান জনায়৷ 

মঙলবাৰে নতুন দিল্লীত এখন সংবাদ মেলত নিটি আয়োগৰ সদস্য ড০ ভি কে পলে সকলোৱে ঐক্যবদ্ধভাৱে ক’ভিড প্রট’কল মানি ভাৰতত যাতে তৃতীয় জোৱাৰে খুন্দিয়াব নোৱাৰে, সেয়া নিশ্চিত কৰিব লাগে বুলি আহ্বান জনায়৷

ইপিনে, দ্বিতীয় জোৱাৰৰ সংক্রমণৰ নিম্নগামী হাৰ অব্যাহত আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৩১,৪৪৩জন৷ এই আক্রান্তৰ সংখ্যা হৈছে ১১৮ দিনৰ ভিতৰত এদিনত সর্বনিম্ন৷ অৱশ্যে মৃতকৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পাইছে৷

বিগত সপ্তাহধৰি মৃতকৰ সংখ্যা এহেজাৰৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত মৃতকৰ সংখ্যা দুই সহস্রাধিক হৈছে৷ ২০২০জনৰ মৃত্যু ঘটাত দেশজুৰি মৃতকৰ সংখ্যা ৪,১০,৭৪৮জনলৈ বৃদ্ধি পাইছে৷

আনপিনে, ১০৯ দিনৰ ভিতৰত সক্রিয় ৰোগীৰ সংখ্যা সর্বনিম্ন হৈছে৷ দেশজুৰি সম্প্রতি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,৩১,৩১৫জন৷ অর্থাৎ মুঠ আক্রান্তৰ ১.৪৬ শতাংশ সক্রিয় ৰোগী৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সুস্থতাৰ হাৰ ৯৭.২৮ শতাংশলৈ বৃদ্ধি পাইছে৷ দৈনিক পজিটিভিটীৰ হাৰ ২.৫৯ শতাংশ আৰু সাপ্তাহিক পজিটিভিটীৰ হাৰ ২.৩২ শতাংশলৈ নিম্নগামী হৈছে৷ আনপিনে, দেশজুৰি মঙলবাৰে পুৱালৈকে মুঠ ৩৮,১৪,৬৭,৬৪৬ কোটি ভেকচিন প্রদান কৰা হৈছে৷

You might also like