নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগৰ পৰা চাইকেলেৰে শিৱসাগৰত ৮০ বছৰীয়া ককা

ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰত সেৱা লৈ ঢ়লা–শদিয়া দলং চাই উভতিব বৰপেটালৈ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ বয়সেও হাৰ মনাব নোৱাৰা এজন মানুহ৷ যাৰ সন্মুখত বয়সে আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছে৷ দুৰন্ত মনৰ মানুহজনৰ বুকুত অযুত সপোন৷ বিভিন্ন সময়ত বাতৰিকাকত, টিভিত সঘনাই দেখি থকা ঐতিহাসিক শিৱসাগৰৰ প্রেমত পৰিছিল মানুহজন৷ ছশ বছৰীয়া আহোম ৰাজশাসনৰ অপৰূপ সৌন্দর্যই হাত বাউলি মাতি থকা মানুহজনৰ সন্মুখত প্রতিবন্ধকতা হিচাপে থিয় দিছিল বয়সে৷ কিন্তু লক্ষ্য যদি স্থিৰ হয়, মনত যদি অদম্য দৃঢ়তা থাকে, তেন্তে বয়স কেতিয়াও অন্তৰায় হ’ব নোৱাৰে৷ অৱশেষত বয়সেও নতি স্বীকাৰ কৰা মানুহজন আহি পালেহি বিশ্ব পর্যটনৰ স্বর্গপুৰী ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত৷ ডিচেম্বৰ মাহৰ শীতৰ কুঁৱলী ফালি দিগন্তক চুই চোৱাৰ হেঁপাহেৰে উজনিলৈ ধাৱিত হোৱা দুৰন্ত তৰুণজনৰ নাম ৰজনীকান্ত ৰায়৷ ঘৰ বৰপেটা জিলাৰ সৰভোগত৷বর্তমান সময়ত তেখেত ককালৈ ৰূপান্তৰিত হৈছে৷ বয়স প্রায় আশী বছৰ৷ তজবজীয়া ডেকাতকৈও সতেজ আশী বছৰীয়া ককা ৰজনীকান্ত ৰায়৷ প্রকৃতিৰ নিয়ম অনুসৰিয়েই বয়সে মানুজনক আঁছোৰ মাৰিছে যদিও মনটোক দুর্বল কৰিব পৰা নাই৷ পৰা নাই ককাৰ শৰীৰৰ শক্তি কমাব৷বৰপেটা জিলাৰ সৰভোগৰ ককাৰ উজনি অসমখন চাবলৈ বৰকৈ মন গ’ল৷ ভবা মতে কাম৷ ককাই নিজৰ আপোন লগৰী লৈ উজনিৰ যাত্রা আৰম্ভ কৰিলে৷ এই লগৰী আন কোনো নহয়, ককাৰ ডেকা দিনৰ ৰেলী চাইকেলখন৷ যোৱা ৬ ডিচেম্বৰত সৰভোগৰ পৰা চাইকেল লৈ ইখনৰ পিছত সিখন জিলা পাৰ কৰি ককা যোৱানিশা উপস্থিত হয় শিৱসাগৰত৷ একালৰ আহোম ৰাজধানী শিৱসাগৰ দর্শন কৰি ককাই পুৱাই যাত্রা কৰিব তিনিচুকীয়ালৈ৷ তিলিঙা মন্দিৰ দর্শন কৰি ধলা–শদিয়াৰ দলং চাই ককাই ওভতনি যাত্রা কৰিব সৰভোগলৈ৷ আজিৰ দৰে যাতায়াতৰ সুবিধা থকা দিনত কিহৰ তাডনাত ককাই চাইকেল যাত্রা আৰম্ভ কৰিলে৷ শিৱসাগৰৰ পর্যটন গৃহত নৈশ যাপন কৰা আশী বছৰীয়া ককাৰ উপস্থিতি জানিব পাৰি নিশাই উপস্থিত হৈছিল সাংবাদিকৰ দল৷উৎসুক সাংবাদিকে জানিব বিচাৰিলে এই অদম্য সাহস আৰু হেঁপাহৰ আঁৰৰ কথা৷ ককাই চাইকেল যাত্রা কৰিছে নিজৰ ফুৰাৰ চখ আৰু শৰীৰটো মজবুত হৈ আছে নে নাই পৰীক্ষা কৰাৰ বাবে৷ ইতিমধ্যে নাতি–নাতিনীৰ মুখ দেখা ৰজনীকান্ত ৰায়ৰ এই যাত্রা বিশেষ এক ব্যতিক্রম নহ’লেও আন হাজাৰজনৰ বাবে প্রেৰণা আৰু সাহসৰ প্রতীক৷ নিশ্চিতভাৱে প্রায় আশী বছৰীয়া এজন ককাৰ হাজাৰ কিলোমিটাৰ চাইকেল ভ্রমণ নতুনৰ বাবে উৎসাহৰ বিষয়৷

You might also like