নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত নাই ধন! তথাপিও কেনেকৈ কম খৰছত কৰিব ভ্ৰমণ? অৱলম্বন কৰক এইকেইটা উপায়…

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ভ্ৰমণ কৰিব কোনেনো নিবিচাৰে! বহু লোকে হাতত বহু কম সময় লৈয়ে যাত্ৰা কৰিবলৈ ওলাই যায়। এনে লোকসকলে অন্ততঃ কম খৰছত তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। যিকোনো এটা ভ্ৰমণক বাজেট ভ্ৰমনলৈ ৰূপান্তৰ কৰাটো কোনো ডাঙৰ কথা নহয়। যদি আপুনি যথেষ্ট ঠাই ভ্ৰমণ কৰিছে, তেন্তে আপুনি ক’ত আৰু কেনেদৰে সংৰক্ষণ কৰিব পাৰে তাৰ ওপৰত সামগ্ৰিক এক অভিজ্ঞতা আহৰণ কৰে। যদি নৱবৰ্ষত এইবাৰ আপুনিও বাজেট ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ’লে এই পদ্ধতিবোৰ গ্ৰহণ কৰক-

একে সময়তে আহাৰ খাওকঃ

যদি আপুনি বাজেট ভ্ৰমণ কৰিব বিচাৰিছে, খাদ্যৰ ব্যয় হ্ৰাস কৰাটো অতি গুৰুত্বপূৰ্ণ। যিকোনো নতুন স্থানলৈ যাওতে তাত এটা সময়ত খাদ্য খাব আৰু এটা সময়ত ৰাস্তাৰ খাদ্য খাব পাৰে। এনে কৰিলে, আপুনি নতুন কিবা এটা খাব পাৰিব, লগতে পেট ভৰাই ৰাখিব পাৰিব। তাৰ পিছত, এটা সময়ত আপুনি ব্যৱহাৰিক আহাৰ খোৱা উচিত। এনে কৰিলে আপোনাৰ কম খৰছতে হ’ব।

উৰাজাহাজক বিকল্পত নাৰাখিবঃ

যদি আপোনাৰ সময় নাই, তেনেহ’লে আপুনি বিমানৰ দ্বাৰা ভ্ৰমণ কৰে কিন্তু যদি আপুনি সময় লৈছে আৰু আৰম্ভণিৰ পৰা শেষলৈ সমগ্ৰ যাত্ৰা উপভোগ কৰিব বিচাৰে তেনেহ’লে আপুনি বিমানৰ সলনি ট্ৰেইনৰ দ্বাৰা ভ্ৰমণ কৰিব লাগে। ৰে’ল ভ্ৰমণৰ নিজস্ব পৃথক উপকাৰ আছে লগতে, ই ইমান ব্যয়ী নহয়। আনহাতে আপুনি এবাৰ উৰাজাহজৰ দ্বাৰা আৰু এবাৰ ৰে’লেৰে ভ্ৰমণ কৰিব পাৰে। এনে কৰিলে টকাও সঞ্চয় হ’ব।

ব্যক্তিগত টেক্সী নল’বঃ

কোনো স্থানলৈ যাবলৈ বাৰে বাৰে ব্যক্তিগত টেক্সীৰ ওপৰত নিৰ্ভৰ নকৰিব। যাত্ৰাৰ পূৰ্বেই আপুনি ভ্ৰমণ কৰা স্থানত ৰাজহুৱা পৰিবহন বা চৰকাৰী পৰিবহনৰ বিষয়ে তথ্য সংগ্ৰহ কৰক। এনে কৰিলে আপুনি ৰাজহুৱা পৰিবহনৰ দ্বাৰা ভ্ৰমণ উপভোগ কৰিব, লগেলগে আপুনি যথেষ্ট পৰিমাণে ব্যয় হ্ৰাস কৰিব পাৰিব। এইধৰণে ভ্ৰমণ কৰাটো একেবাৰে সুৰক্ষিত।

যেতিয়া সকলো যায়, তেতিয়া আপুনি নাযাবঃ

যেতিয়া ভ্ৰমণৰ ছিজন হয়, তেতিয়া বিখ্যাত কোনো স্থানলৈ ভ্ৰমণ নকৰিব। কিয়নো সেই সময়ত আপুনি সকলো অতি ব্যয়বহুল ৰূপত পাব। থকা ঠাইৰ পৰা খাদ্যলৈকে সকলো আপোনাৰ বাজেটৰ বাহিৰত হ’ব। উদাহৰণস্বৰূপে, গোৱাৰ দৰে ঠাইলৈ নতুন বছৰত গ’লে সংৰক্ষণ কৰাটো অতি কঠিন হ’ব পাৰে।

You might also like