সত্র–নামঘৰলৈ দিব পাৰিব বিধায়ক পুঁজিৰ ধন
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাজ্যৰ ধর্মীয় তথা সাংস্কৃতিক পীঠস্থান হিচাপে পৰিগণিত হৈ অহা নামঘৰ তথা সত্রলৈ বিধায়কসকলে পুঁজি আগবঢ়াব পাৰিব৷ বিধানসভাত বুধবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ ৩০১নং নিয়মৰ অধীনত বিধায়ক দিগন্ত কলিতাই বিশেষ প্রসংগত নামঘৰলৈ বিধায়ক পুঁজি আবণ্টনৰ সন্দর্ভত উত্থাপন কৰা বিষয়ৰ ওপৰত উত্তৰ প্রদান কৰি মুখ্যমন্ত্রীয়ে বুধবাৰে এই ঘোষণা কৰে৷
সদনত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ নামঘৰসমূহত ১০ শতাংশহে ধার্মিক কার্য সম্পন্ন হয়৷ ৯০ শতাংশই হয় সাংস্কৃতিক আৰু শিক্ষাৰ লগত জড়িত কাম–কাজ৷ সেয়েহে ২০১৮ চনৰ ৪ মে’তে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল যে নামঘৰসমূহক ধর্মীয় অনুষ্ঠান ৰূপে গণ্য নকৰে৷ গতিকে এতিয়াৰে পৰা বিধায়কসকলে তেওঁলোকৰ বিধায়ক পুঁজি, আনটাইড ফাণ্ড আৰু এনৰেগা পুঁজি নামঘৰৰ নামত দিব পাৰিব৷ অৱশ্যে মন্দিৰ, মছজিদ বা গির্জাত এই পুঁজি আবণ্টন নহ’ব৷ এইক্ষেত্রত ১০০ বছৰ পুৰণি মন্দিৰ, গির্জা আদিৰ ক্ষেত্রত অসম দর্শন আঁচনিৰ অধীনত চৰকাৰে পুঁজি আবণ্টন দিব পাৰে৷