নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুলাইৰ পৰা বলৱৎ হোৱাকৈ কেন্দ্রীয় কর্মচাৰীৰ ডিএ ২৮%লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰলৈ সুখবৰ৷ ক’ৰোনা কালৰ মাজতে বিলম্ব হৈ থকা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ আৰু পেন্সনাৰৰ মৰগীয়া সাহায্য বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিলে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়৷ অর্থাৎ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয় বানচ (ডি এ) ১১ শতাংশ বৃদ্ধি কৰা হ’ল৷ ঠিক তেনেদৰে কেন্দ্রীয় চৰকাৰৰ পেন্সনাৰৰ মৰগীয়া সাহায্য (ডি আৰ)ও বৃদ্ধিত কেবিনেটে অনুমোদন জনায়৷

বিগত এবছৰ ধৰি স্থগিত ৰখাৰ পিছত বুধবাৰে কেবিনেটে ডি এ আৰু ডি আৰ বৃদ্ধিত অনুমোদন জনোৱাৰ লগে লগে ৫২ লাখ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰ লাভান্বিত হ’ব৷ ৭ম কেন্দ্রীয় দৰমহা আয়োগমর্মে আজি বর্ধিত ডি এ আৰু ডি আৰ ২০২১ চনৰ ১ জুলাইৰ পৰা বলৱৎ হ’ব৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তত প্রায় ৩৪,৪০০ কোটি টকা ব্যয় হ’ব৷

ইপিনে, বুধবাৰে কেন্দ্রীয় কেবিনেটতে ৰাষ্ট্রীয় আয়ুস মিছন অব্যাহত ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়৷ সেইমর্মে ০১–০৪–২০২১ৰ পৰা ৩১–০৩–২০২৬ চনলৈ এই ৰাষ্ট্রীয় আয়ুস মিছনৰ বাবে ৪৬০৭.৩০ কোটি টকা আবণ্টন দিয়ে৷ ইয়াৰে ভিতৰত ৩ হাজাৰ কোটি টকা কেন্দ্রৰ আৰু ১৬০৭.৩০ কোটি টকা ৰাজ্যৰ অংশ হ’ব৷ উল্লেখ্য যে ১৫–০৯–২০১৪ চনত আৰম্ভ হোৱা ৰাষ্ট্রীয় আয়ুস মিছনৰ আয়ুস মন্ত্রালয়ত বর্তমান কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ তাৎপর্যপূর্ণ যে ক’ৰোনা কালৰ বাবে ভার্চুৱেলী কেন্দ্রীয় কেবিনেট অনুষ্ঠিত হৈ আহিছিল যদিও এবছৰৰ মূৰকত বুধবাৰে মুখামুখিকৈ এই বৈঠক অনুষ্ঠিত কৰা হয়৷

You might also like