নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ বয়স মাত্র ২০ মাহ৷ কিন্তু এই কম বয়সতে গীতাৰ সমস্ত শ্লোকৰ পৰা আৰম্ভ কৰি সৰস্বতী বন্দনালৈকে সকলো মুখস্থ কৰি পেলাইছে কণমানি শিশুটিয়ে৷ অকল সেয়াই নহয়, ছবি দেখিয়েই বিভিন্ন পশুৰ নাম কৈ দিব পাৰে কণমানিটিয়ে৷ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ ‘বিস্ময় বালিকা’ সাত্ত্বিকা বিষইৰ এই কীর্তিত হতবাক হৈ পৰিছে স্থানীয় বাসিন্দাসকল৷ এই প্রতিভাৰ বাবে ইতিমধ্যে সাত্ত্বিকাৰ নাম লিপিবদ্ধ হৈছে ‘ইণ্ডিয়া বুক অৱ ৰেকর্ডছ’ত৷ সাত্ত্বিকাৰ পিতৃ–মাতৃ পশ্চিম মেদিনীপুৰ জিলাৰ বুলানপুৰ গাঁৱৰ বাসিন্দা৷ বর্তমান আলিপুৰদুৱাৰত থাকে৷ পিতৃ বিশ্বজিৎ বিষই এগৰাকী বনাঞ্চলিক বিষয়া৷ জলদাপাৰা ৰাষ্ট্রীয় উদ্যানত বনাঞ্চলিক বিষয়া হিচাপে কর্মৰত বিশ্বজিৎ বিষই৷ মাতৃ স্বাগতা বিষই পেছাত এগৰাকী শিক্ষয়িত্রী৷ পিতৃ–মাতৃ দুয়ো চাকৰিয়াল হোৱা বাবেই ঘৰত জেঠীয়েকৰ সৈতে বেছিভাগ সময় কটাবলগীয়া হয় সাত্ত্বিকাই৷ জেঠীমাকৰ সৈতে থকা সময়তে বিভিন্ন বিষয়ত মনোনিৱেশ কৰিবলগীয়া হয় কণমানি সাত্ত্বিকাই৷ অৱশ্যে পৰিয়ালত অন্য এক সদস্যও আছে৷ বিশ্বজিৎ আৰু স্বাগতা পশুৰ প্রতি মৰমিয়াল৷ তেওঁলোকৰ পৰিয়ালত আছে এটি পোহনীয়া কুকুৰ৷ হেৰি নামৰ এই পোহনীয়া কুকুৰটো গোটেই দিনৰ সংগী সাত্ত্বিকা৷ হেৰিক ‘দাদা’ বুলি সম্বোধন কৰে কণমানি শিশুটিয়ে৷ গতিকে, হেৰিৰ সৈতে আছে সাত্ত্বিকাৰ আত্মিক টান৷ সাত্ত্বিকাৰ সাফল্যক লৈ পৰিয়ালৰ সকলোৱেই আনন্দত আত্মহাৰা৷ লক্ষণীয়ভাৱে কণমানি সাত্ত্বিকাক লৈ গর্বিত পিতৃ বিশ্বজিৎ বিষই আৰু মাতৃ স্বাগতা৷ কেনেদৰে সাত্ত্বিকাৰ বাবে গীতাৰ সমস্ত শ্লোক আৰু সৰস্বতী বন্দনা মুখস্থ কৰাটো সম্ভৱ হৈছে, সেয়া এক বিস্ময়ৰ বিষয়৷ মাতৃ স্বাগতাই শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছে– ‘আমাৰ কন্যাক লৈ আমি গর্বিত৷ সাত্ত্বিকাৰ প্রতিভাৰ কথা জনাই ‘ইণ্ডিয়া বুক অৱ ৰেকর্ডছ’লৈ প্রথম আবেদন কৰিছিল৷ তাৰ পাছত সংস্থাটোৰ তৰফৰ পৰা কিছু ভিডি’ বিচাৰে৷ পৰৱর্তী সময়ত সংস্থাটোৱে সাত্ত্বিকাক বিস্ময় বালিকা বুলি অভিহিত কৰে৷ অকল সেয়াই নহয়, ‘ইণ্ডিয়া বুক অৱ ৰেকর্ডছ’ত কণমানি শিশুটিৰ নাম লিপিবদ্ধও কৰা হয়৷’