এগৰাকী প্ৰধান শিক্ষকৰ অবিবেচকী কাণ্ডক লৈ চৰ্চা চলিছে কামৰূপৰ টুপামাৰী অঞ্চলত | একাংশ কণ কণ ছাত্ৰই চৰকাৰী বিদ্যালয় গৃহৰ টিনপাতৰ ওপৰত উঠি চাফা কৰিছে আৱৰ্জনা।অতি বিপজ্জনকভাৱে ছাত্ৰকেইজনে বিদ্যালয় গৃহৰ টিনপাতৰ পৰা নমাইছে লেতেৰা জাবৰ-জোঁথৰ |
কামৰূপ জিলাৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ ৪৬৫নং টুপামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীক খটুৱাইছে বিপজ্জনক কামত | পিছে এয়া কেৱল এদিনৰ দৃশ্য নহয়, প্ৰায়ে হেনো বিদ্যালয়ৰ বিভিন্ন কাম-কাজ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে কৰোৱায় প্ৰধান শিক্ষকগৰাকীয়ে |
কেনেবাকৈ টিনপাতৰ চালিৰ পৰা কোনো এজন ছাত্ৰ পৰিব লাগিলে নিঃসন্দেহে ভয়ানক অথন্তৰ হ’ব | শীঘ্ৰেই কাণ্ডজ্ঞানহীন বিদ্যালয়প্ৰধান জমিৰ উদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৬ মাৰ্চ :