নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত সন্দেহজনক অৱস্থাত উদ্ধাৰ বিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ: এজনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা,  ১৬ আগষ্ট: যোৱা ৮ আগষ্টত নাহৰকটীয়া চহৰত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ পৰৱৰ্তী পয্যায়ত ঘটনাৰ লগত জড়িতৰ সন্দেহত ১৩ আগষ্টত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা ঘটনাই নাহৰকটীয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে উক্ত দিনা নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ডিঙিত চিপজৰী লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল চহৰ খনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ। ঘৰত কোনো নথকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা কিশোৰী গৰাকীয়ে আত্মহত্যা কৰিছিল বুলি প্ৰথমাৱস্থাত পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰাৰ ভিত্তিত নাহৰকটীয়া থানাই এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী পয্যায়ত কিশোৰী গৰাকীৰ অভিভাৱকে পুনৰ এক গোচৰ ৰুজু কৰি তাইক তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ মালিকৰ পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰণিধানযোগ্য যে পৰিয়ালটোৰ এই গোচৰৰ ভিত্তিত নাহৰকটীয়া থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত এক হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুব্ৰত দেৱ নামৰ ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰাই অধিক সোধ পোচৰ বাবে দুদিনৰ বাবে নিজৰ জিম্মাত লয়। ইফালে ঘটনা সন্দৰ্ভত আজি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে সাংবাদিকৰ আগত এই ঘটনাৰ লগত ধৃত সুব্ৰত দেৱ জড়িত থকাৰ কেতবোৰ তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰি এই সংক্ৰান্তত অধিক তদন্ত চলাই আছে বুলি প্ৰকাশ কৰে। ইফালে ধৃত সুব্ৰত দেৱে এইপয্যন্ত ঘটনাৰ লগত জড়িত বুলি স্বীকাৰ কৰা নাই যদিও সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like