নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিত্রনাট্যকাৰ-ছবি সমালোচক চন্দন শৰ্মাৰ দেহাৱসান

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সচিব, বিশিষ্ট চিত্র নাট্যকাৰ, বোলছবি সমালোচক চন্দন শৰ্মাৰ আজি দেহাৱসান ঘটে। আজি বিয়লি ৩ বাজি ৫৮ মিনিটত গুৱাহাটীৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। চন্দন শৰ্মাৰ মৃত্যুত সকলো ম্ৰিয়মাণ হৈ পৰিছে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শৰ্মাই মৃত্যুৰ সময়ত ইহসংসাৰত বৃদ্ধ মাতৃ, পত্নী, এজন পুত্ৰৰ লগতে এগৰাকী জীক এৰি যায়।

#বাৰ্তা ডেস্ক

You might also like