নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ প্ৰণৱজ্যোতি ডেকালৈ চলিত বৰ্ষৰ সাহিত্য অকাডেমি বঁটা

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ ঘোষণা কৰা হল চলিত বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। ‘ড০ প্ৰণৱ জ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ই আঁজুৰি আনিলে বহু প্ৰত্যাশিত অসমীয়া সাহিত্য অকাডেমি বঁটা। এই গ্ৰন্থখনৰ লেখক ড০ প্ৰণৱজ্যোতি ডেকা। বিশিষ্ট গৱেষক, সাহিত্যিকগৰাকীক এই সন্মানৰ বাবে নিৰ্বাচিত কৰাত অসমবাসী উল্লসিত হৈ পৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত অকাডেমিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰণিধানযোগ্য যে ২০২১ চনত এই গ্ৰন্থখন প্ৰকাশ হৈছিল। গ্ৰন্থখন প্ৰকাশ কৰিছিল বান্ধৱ প্ৰকাশনে। স্মৰ্তব্য যে এই গ্ৰন্থখনে ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ – সেয়েহে কৈলাশনাথ, একুৰি বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু অন্য গল্প, আদি। আনহাতে, পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) আদি তেওঁৰ প্ৰৱন্ধ পুথি। উল্লেখ্য যে ১৯৩৯ চনৰ ২১ জুলাইত প্ৰণৱজ্যোতি ডেকাৰ কলকাতাত জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰথমজন অসমীয়া বিচাৰক হলিৰাম ডেকা। গুৱাহাটীৰ ১৯৫৫ চনত ডনবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁ। কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডেকাই।

#বাৰ্তা ডেস্ক

You might also like