নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসংখ্য আগ্নেয়গিৰি, সঘন অগ্ন্যুৎপাতৰ নতুন গ্রহ আৱিষ্কাৰ ‘নাছা’ৰ

নিয়মীয়া বাৰ্তা, ২২ মে’: মহাকাশত আৰু এটা নতুন গ্রহৰ সন্ধান লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই৷ ‘নাছা’ৰ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি এই নতুন গ্রহটো পৃথিৱীৰ পৰা বেছি দূৰৈত নাই৷ কিন্তু এই গ্রহটোৰ আছে এক অন্যধৰণৰ বৈশিষ্ট্য৷ গ্রহটোত ঠাহ খাই আছে অসংখ্য আগ্ণেয়গিৰি৷ গ্রহটোৰ নাম দিয়া হৈছে এলপি ৭৯১–১৮ডি৷ পৃথিৱীৰ পৰা এই গ্রহৰ দূৰত্ব ৯০ আলোকবর্ষ৷ সৌৰজগতৰ পৰা দূৰৈত থকা ক্রেটাৰ তাৰকাৰাজ্যত এই গ্রহটোৰ অৱস্থান৷ পৃথিৱীতকৈ আকাৰত সামান্য ডাঙৰ এই গ্রহটোৱে প্রদক্ষিণ কৰি আছে এটা তুলনামূলকভাৱে সৰু বামন নক্ষত্রক৷ শেহতীয়াকৈ ‘নাছা’ৰ বিজ্ঞানীসকলে এই গ্রহৰ সন্ধান পোৱাৰ পিছতে ইয়াক লৈ সৃষ্টি হৈছে কৌতূহল৷ ট্রানছিটিং এক্সোপ্লেনেট ছার্ভে ছেটেলাইট বা ইইএছএছ আৰু স্পিৎজাৰ স্পেচ টেলিস্কোপৰ জৰিয়তে এই গ্রহটো আৱিষ্কাৰ কৰা হৈছে৷ অসংখ্য আগ্ণেয়গিৰি থকা এই গ্রহটোত প্রতিমুহূর্ততে সৃষ্টি হয় অগ্ণ্যুৎপাত৷ জুই শিখাৰ তাণ্ডৱত যেন নৰকত পৰিণত হৈ আছে গ্রহৰ চৌদিশ৷ মহাকাশৰ পৰা সেই জ্বলন্ত অগ্ণি শিখাৰ স্পুলিংগ দেখিবলৈ পোৱা গৈছে৷ বিজ্ঞানীসকলৰ মতে, যদি এই গ্রহটো প্রত্যাশা কৰা অনুসৰি ভূ–তাত্ত্বিকভাৱে সক্রিয় হৈ আছে, তেন্তে ইয়াত বায়ুমণ্ডলৰ অস্তিত্বও থাকিব পাৰে৷ সেই বিষয়টোক লৈ নিশ্চিত হ’বলৈ অধিক পর্যবেক্ষণৰ প্রয়োজন আছে৷ গ্রহটো সম্পর্কত বিজ্ঞানীসকলৰ পর্যবেক্ষণ প্রকাশ পাইছে বিজ্ঞান জার্নাল ‘নেচাৰ’ত৷ সৌৰজগতত এতিয়ালৈকে আটাইতকৈ বেছি আগ্ণেয়গিৰি থকা মহাজাগতিক ক্ষেত্র হৈছে বৃহস্পতি গ্রহৰ উপগ্রহ ‘লো’৷

You might also like