নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : সাজু নগাঁও জিলা প্ৰশাসন

বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : কাইলৈ পুৱাৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে আজি পুৱাৰ পৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহৃত সা-সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিজৰ নিজৰ গন্তব্যস্থলীলৈ ৰাওনা হৈছে। এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জানিবলৈ দিয়ে যে ৯নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৮টা বিধানসভা সমষ্টিৰ ভিতৰত নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি, ৰহা বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টি, ধিং বিধানসভা সমষ্টি আৰু চামগুৰি বিধানসভা সমষ্টিৰ উপৰি মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ মুঠ ১৮ লাখ ১৭ হাজাৰ ২০৪ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৯ লাখ ১৪ হাজাৰ ৪৬৯গৰাকী পুৰুষ ভোটাৰ, ৯ লাখ ২ হাজাৰ ৬৫৩ গৰাকী মহিলা ভোটাৰ আছে আৰু ৮২গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ৫১৫৪গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীক ভোটগ্ৰহণ প্ৰক্ৰিয়াত জড়িত কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২৭৯গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৩৮৭৪গৰাকী পোলিং বিষয়া নিয়োজিত কৰা হৈছে। তদুপৰি জিলাখনত মুঠ ৪০টা আদৰ্শ ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ২টা ভোটকেন্দ্ৰ আৰু এটা যুৱ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like