অহা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত ৪ মে’ত যোৰহাট জিলা দণ্ডাধীশ জয় শিৱানীয়ে সমগ্ৰ জিলাখনতে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগে যোৱা ১৫ মাৰ্চত ঘোষণা কৰা এই ভোট গণনাৰ দিনটোত জনসাধাৰণৰ মাজত শান্তি-শৃংখলা আৰু সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।
এই আদেশৰ জৰিয়তে ভোট গণনা কেন্দ্ৰৰ চৌহদত কোনো ধৰণৰ সমদল কৰা, শ্ল’গান দিয়া আৰু লাউডস্পীকাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।নিৰাপত্তাৰ দিশটো অধিক সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশগৰাকীয়ে গণনা কেন্দ্ৰৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো ধৰণৰ মাৰণাস্ত্ৰ, লাঠি বা পতাকা লৈ চলাচল কৰা আৰু বৃহৎ জনসমাগম কৰাৰ ওপৰতো বাধা আৰোপ কৰিছে। ইয়াৰ উপৰিও, ভোট গণনাৰ দিনা আৰু পৰৱৰ্তী সময়ত ৰাজহুৱা স্থানত ফটকা ফুটোৱা বা দলিওৱাটো দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হ’ব।
ফলাফল ঘোষণাৰ পাছত জিলা দণ্ডাধীশৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ কোনো ঠাইতে কোনো ধৰণৰ বিজয় সমদল বা ৰেলী উলিওৱাটো নিষিদ্ধ কৰা হৈছে। ভোট গণনা কেন্দ্ৰৰ ভিতৰত শৃংখলা বজাই ৰাখিবলৈ কেৱল জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ থকা ব্যক্তিকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব আৰু গণনা হলৰ ভিতৰলৈ ম’বাইল ফোন বা কেমেৰা নিয়াটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।
এই চৰকাৰী নিৰ্দেশনা উলংঘন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা এই আদেশ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।
নিয়মীয়া বাৰ্তা, যোৰহাট, ২ মে’