বৃহত্তৰ নগৰবেৰাত জলমগ্ন বহু খেতিপথাৰ, কৃষকৰ হাহাকাৰ
বানত ককবকাইছে দুখীয়া কৃষকে। কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ পিজুপাৰা, সৰুডোবা, কল্যাণপুৰ আৰু জামলাই অঞ্চলত জলমগ্ন হৈছে হাজাৰ-হাজাৰ বিঘা ধাননি পথাৰ।
কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে জীৱন-জীৱিকাত আউল লগাইছে কৃষকৰ,বৰষুণৰ পানীয়ে বুৰাই পেলাইছে দ ঠাইৰ খেতিপথাৰ বোৰ। চৌপাশে সাগৰ সদৃশ পৰিবেশ, বাঢ়নী পানীৰ ফলত ধান খেতি এতিয়া পানীৰ তলত।
বহুকৃষকে উপায়ান্তৰ হৈ কাটিবলৈ বাধ্য হৈছে আদপক আদপক অথবা গাখীৰতী ধানবোৰ।ইফালে মৰণা মাৰিব নোৱাৰি থুপাই থৈছে ধানৰ দাঙৰিবোৰ ,পচিব ধৰিছে কুমলীয়া ধানৰ সীহ।
মুঠতে অঞ্চলবাসী কৃষকক এইবাৰ মাধমাৰ শোধাইছে আপদীয়া বতৰে, নিঃসন্দেহে বহু লোকচান হ’ব কৃষক ৰাইজৰ! ভুক্তভোগী কৃষকে কৃষি বিভাগৰ লগতে জিলা দুৰ্যোগ প্ৰশমন বিভাগক কৃষকৰ এনে বিপৰ্যয়ৰ সকাহ হোৱাকৈ সাহায্য প্ৰদানৰ দাবী জনাইছে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ মে’