নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা দুলুক জামিনত মুক্তি

নিয়মীয়া বাৰ্তা, ২৫ মে’: চিৰাং জিলাত সাধাৰণ কথাতে দুই শিশুক নিৰ্মমভাবে প্ৰহাৰ কৰা এজন ব্যক্তিক আজি আদালতে জামিনত মুক্তি দিছে। ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ তিনিআলিত থকা এখন দোকানৰ পৰা দুই শিশুই গৰাকীৰ অজ্ঞাতে শীতল পানীয় সেৱন কৰাৰ সন্দেহত দোকানৰ গৰাকীয়ে শিশু দুটিক নিৰ্মম ভাৱে প্ৰহাৰ কৰে। গাঁওখনৰ কোনো ব্যক্তিয়ে শিশু প্ৰহাৰৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰে। পাছত সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হয়। দেওবাৰৰ এই ঘটনা চিৰাং আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগতে শিশুদুটিৰ পৰিয়ালে ঢালিগাঁও থানাত লিখিত অভিযোগ দিয়াৰ লগে লগে আৰক্ষীয়ে শিশু নিৰ্যাতন সম্পৰ্কীয় এটি গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। শিশুক নিৰ্যাতন চলোৱা দোকান খনৰ স্বত্বাধিকাৰী আখতাৰ হুছেইন ওৰফে দুলুক গ্ৰেপ্তাৰ কৰি আজি কাজলগাঁওস্থিত আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত আখতাৰ ওৰফে দুলুক জামিনত মুক্তি দিয়ে। ভুক্তভোগী শিশুৰ মাতৃয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে ৮৫/২২ নং পঞ্জীয়ন কৰি আই পি চি ৩৪২, ৩৫২, ৩২৫, ২৯৪, ৫০৬ আৰু ৩৪ ধাৰাত আখতাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি আজি কাজলগাঁৱৰ জিলা মুখ্য ন্যায়াধীশৰ আদালত হাজিৰ কৰিছিল । পিছত মহামান্য আদালতে অভিযুক্ত দুলু মিঞা ওৰফে আখতাৰ হুছেইনক জামিনত মুকলি কৰি দিয়ে ।।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like