নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত গুণোৎসৱত শিক্ষকৰ ৰূপত ভৱেশ কলিতাঃ মুখ্যমন্ত্ৰীৰ নেতৃত্বত শৈক্ষিক দিশ ত্বৰান্বিত কৰাৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ২৫ মে’: ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হয় । গুণোৎসৱত শিক্ষকৰ ৰূপত দেখা গ’ল ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাক । বিদ্যালয়খনত পুৱা প্ৰাৰ্থনাৰ সময়ত উপস্থিত হোৱাৰ পিছত বিধায়ক কলিতাই শৈক্ষিক দিশ পৰ্যবেক্ষণ কৰে । ইয়াৰ পিছতে তেওঁ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানৰ পাঠ পঢ়ায় । শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰি ভৱিষ্যত জীৱন সফল হোৱাৰ পৰামৰ্শ আগবঢ়ায় । পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কলিতাই গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক মূল্যায়নৰ লগতে আন্তঃগাঁথনিৰ দিশটো পৰ্যবেক্ষণ কৰা বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ শৈক্ষিক দিশ ত্বৰান্বিত কৰাৰ বাবে গুণোৎসৱৰ জৰিয়তে প্ৰয়াস কৰি থকা দোহাৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like