নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে আমাক ঘোৰ অন্যায় কৰিলে

সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় যে এসময়ৰ কংগ্রেছৰ অভেদ্য দুর্গৰূপে পৰিচিত চাহ জনগোষ্ঠীৰ সমর্থন কংগ্রেছে লাভ কৰিবলৈ সক্ষম নহ’ল৷ কংগ্রেছৰ প্রতি চাহ জনগোষ্ঠীৰ মোহভংগ হোৱাৰ কাৰণ কি বুলি ভাবে?
ঃ সামগ্রিকভাৱে যোৱা নির্বাচনৰ ফলাফল যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ’লে আমি দেখিবলৈ পাম যে য’ত আমাৰ খিলঞ্জীয়া মানুহ আছে য’ত গৰিষ্ঠসংখ্যক হিন্দু বসতিৰ লোক আছে, তাতেই বিজেপিয়ে পূর্ণ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বহুকেইটা কাৰকৰ ভিতৰত বিজেপিৰ সাংগঠনিক দিশ যথেষ্ট শক্তিশালী, সেয়া নিশ্চিত৷ তাৰ পিছতে তেওঁলোকে ধর্মীয় মেৰুকৰণেৰে ভোট বিভাজন কৰা আদিয়েই প্রধান৷ মন কৰিলে দেখিব যে যোৱা নির্বাচনত বিশেষকৈ হিন্দু অধ্যুষিত অঞ্চলত বিজেপিয়ে সমর্থন আদায় কৰিবলৈ সক্ষম হৈছে, তাত কোনো সন্দেহ নাই৷ সেয়ে এইক্ষেত্রত চাহ জনগোষ্ঠীৰ ৰাইজো ইয়াৰ ব্যতিক্রম নহয় বুলি ক’ব পাৰি৷

এসময়ত নির্বাচন বুলিলেই চাহ জনগোষ্ঠীৰ ভোটৰ ক্ষেত্রত অসম চাহ মজদুৰ সংঘ, আইএনটিইউচিৰ গুৰুত্বপূর্ণ ভূমিকা আছিল৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰা দেখা গৈছে যে চাহ মজদুৰ সংঘ, আইএনটিইউচিৰ প্রভাৱ যেন জনগোষ্ঠীটোৰ ওচৰত হ্রাস পাইছে৷ এই সংক্রান্তত আপুনি কি কয়?
ঃ আচলতে এই কথাটো শুদ্ধ নহয়৷ শুদ্ধ এই কাৰণেই নহয় যে ৰাজনৈতিক পৰিৱর্তনৰ লগে লগে ড্রেড ইউনিয়নসমূহৰ পৰিৱর্তন নহয়৷ ইয়াৰ আগতেও আপুনি দেখিব যে দুটা নির্বাচনত বিপুল সমর্থন লাভ কৰি এজিপিয়ে অসমত চৰকাৰ গঠন কৰিছিল৷ তেওঁলোকেও শ্রমিক সংগঠন কৰিব বিচাৰিছিল৷ যদিও চাহ জনগোষ্ঠীৰ লোকে সেই সময়ত ভোট দিছিল, কিন্তু চাহ মজদুৰ সংঘৰ প্রতি সমর্থন আছিল৷ যোৱা দুটা নির্বাচনত বিশেষকৈ যোৱা ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰাই যদি আৰম্ভ কৰোঁ, তেতিয়াহ’লে আমি দেখিবলৈ পাম যে আমাৰ উজনি অসমৰ ৰাইজে বিজেপিক পূর্ণ সমর্থন দিছে৷ লগতে চাহ জনগোষ্ঠীৰ ৰাইজেও সমর্থন দিছে বা সহযোগ কৰিছে৷ সেই চাহ শ্রমিক ভোটাৰসকলেও কিন্তু সময়ত চাহ মজদুৰ সংঘৰ হৈ বিভিন্ন কাম কৰি থকা দেখা গৈছে৷ এনে ক্ষেত্রত কংগ্রেছে গোটেই চাহ শ্রমিক মানুহখিনিক ভোট দিয়াব নোৱাৰাটো শুদ্ধ নহয়৷ অসমত যেতিয়া এজিপি চৰকাৰ, জনতা চৰকাৰ হৈছিল তেতিয়াও বহু চাহ অধ্যুষিত অঞ্চলত এজিপি বা জনতা দলে চাহ শ্রমিকৰ সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ মই ভাবোঁ যে সেই সময়ৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি আৰু নিজ দর্শনেৰে ৰাজনৈতিক পৰিৱর্তনৰ বাবে চাহ শ্রমিকসকলে সমর্থন আগবঢ়াইছিল৷ চাহ মজদুৰ সংঘৰ প্রতিজন সদস্য কংগ্রেছৰ সদস্য নহয়৷ পূর্বেও চাহ মজদুৰ সংঘত থকা মানুহে নির্দলীয় হৈ নির্বাচনত অৱতীর্ণ হৈছে৷ সেয়ে এইটো সকলোৰে ভুল ধাৰণা যে চাহ মজদুৰ সংঘ কংগ্রেছৰ এটা শাখা৷

চাহ জনগোষ্ঠী–আদিবাসীসক্ এক অন্যতম দীর্ঘদিনীয়া দাবী হৈছে জনজাতিকৰণ৷ কংগ্রেছ দলে সুদীর্ঘকাল ক্ষমতাত থাকিও এই সমস্যা সমাধানৰ বাবে একো নকৰিলে৷ তাৰ বাবেও জনগোষ্ঠীটো এতিয়া কংগ্রেছৰ প্রতি ক্ষুণ্ণ হোৱা বুলি নাভাবেনে?
ঃ চাওক, মই এটা কথা নিশ্চয়কৈ ক’ব লাগিব যে স্বাধীনতাৰ পূর্বে ব্রিটিছসকলে এই চাহ জনগোষ্ঠী–আদিবাসীসক্ মর্যাদাসহকাৰে স্বীকৃতি প্রদান কৰিছিল৷ সেই সময়ত চাহ জনগোষ্ঠীক মনোনীত কৰাৰো এক ব্যৱস্থা আছিল৷ স্বাধীনতাৰ পিছত তথা সংবিধান প্রণয়নৰ পিছত ৰাজনৈতিক কাৰণতেই চাহ জনগোষ্ঠী বা আদিবাসীসকলক জনজাতিকৰণৰ বাবে কোনেও পোষকতা নকৰিলে৷ খোদ কংগ্রেছ চৰকাৰেও নকৰিলে৷ শ্রীৰামপুৰ গেটৰ সিপাৰৰ আদিবাসী মানুহবোৰ এছ টি, কিন্তু আমাৰ ফালে থকা লোকসকল এছ টি নহয়৷ এয়া কেনে ন্যায়? তেতিয়াই কংগ্রেছ চৰকাৰে আমাক ঘোৰ অন্যায় কৰিলে৷ যেতিয়া সংসদীয় কমিটী আহিল– এ কে চন্দা কমিটীয়েই হওক, লুকুৰ কমিটীয়েই হওক, সকলোৱে এই মানুহবোৰ অৰিজিনেলী এছ চি বা এছ টি বুলি কৈছিল৷ সেই কাৰণেই তেতিয়াই পশ্চিমবংগ আৰু ত্রিপুৰাৰ চাহ বাগিচাৰ মানুহখিনিয়ে সেই অধিকাৰ পালে আৰু অসমৰ চাহ শ্রমিকক বঞ্চিত কৰি ৰাখিলে৷ এই অন্যায়ৰ বাবে কংগ্রেছো সমানে দোষী৷ আনহাতে, ছশ বছৰ, তিনিশ বছৰ, দুশ বছৰ ৰাজত্ব কৰা লোকক অ’বিচি কৰি দিয়া হ’ল৷ অসমৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ চাহ জনগোষ্ঠী৷ কিন্তু চৰকাৰী চাকৰিত এক শতাংশও নাই৷ কোনো চৰকাৰে আন্তৰিকতাৰে চিন্তা নকৰিলে৷ সেয়ে চৰকাৰসমূহৰ বৈষম্য, বঞ্চনাৰ বাবে চাহ জনগোষ্ঠীৰ ৰাজনৈতিক চিন্তাধাৰা সময়ৰ লগত বা সময়ে সময়ে সলনি হৈ থাকে আৰু হৈ থকাটো কোনো অস্বাভাৱিক নহয়৷

কংগ্রেছে ইতিমধ্যে এআইইউডিএফৰে মিত্রতা ছেদ কৰিছে৷ ইয়াৰ ফলত উজনি অসম–উত্তৰ অসমত সঁচাকৈয়ে কংগ্রেছ লাভৱান্বিত হ’ব বুলি ভাবেনে?
ঃ মানে, গোটেই কথাটো এনেধৰণৰ যে উজনি অসমত যি দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দলেই চৰকাৰ গঠন কৰি অহা দেখা গৈছে৷ যিটো এতিয়ালৈ দেখা গৈছে৷ কংগ্রেছ দলে বিচাৰ–বিবেচনা কৰি এটা সিদ্ধান্ত লৈছে আৰু মই ভাবোঁ– শুদ্ধ সিদ্ধান্ত লৈছে৷ এসময়ত যিসকল লোকে কংগ্রেছক সমর্থন কৰিছিল, এতিয়া কৰা নাই, তাৰ বাবে কংগ্রেছৰ আত্মবিশ্লেষণৰ প্রয়োজন, আত্মসমালোচনা কৰা প্রয়োজন৷ ৰাজ্য এখনৰ ৰাজনৈতিক পৰিৱর্তন কিন্তু সামগ্রিকভাৱে হয়৷

উপ–নির্বাচন হ’বলগীয়া মৰিয়নি, থাওৰা, গোসাঁইগাঁও, তামুলপুৰ সমষ্টিত যথেষ্টসংখ্যক চাহ জনগোষ্ঠী–আদিবাসী ভোটাৰ আছে৷ এই সমষ্টি চাৰিটাৰ উপ–নির্বাচনক লৈ কংগ্রেছ কিমান আশাবাদী?
ঃ চাওক, বিজেপিৰ ব্যাপক প্রত্যাহ্বানৰ মাজতো কংগ্রেছ দলে থাওৰা, মৰিয়নি আসনত জয়লাভ কৰিছিল৷ স্বাভাৱিকতে সমষ্টিৰ ৰাইজৰ ক্ষোভ আছে, কর্মীসকলৰ মাজতো ক্ষোভ আছে৷ যদিহে এই ক্ষোভ ভোটলৈ পৰিৱর্তন হয়, তেন্তে উপ–নির্বাচনত এটা ভাল ফল পাম, সেয়া নিশ্চিত৷ বাকীবোৰত ৰাইজৰ আস্থাভাজন হ’ব বুলি আশা কৰিব পাৰি৷ সমষ্টিৰ উন্নয়নৰ বাবে দল বাগৰা বা শাসকীয় দলত যোগদান কৰাটো মূর্খামিৰ বাদে আন একো হ’ব নোৱাৰে৷ চৰকাৰ পৰিৱর্তন হোৱাটো এক স্বাভাৱিক প্রক্রিয়া৷ অনাগত দিনত কংগ্রেছ দলে ভোটাৰক কেনেদৰে বুজাই আস্থাভাজন হ’ব পাৰিব, তাৰ ওপৰতেই ভৱিষ্যৎ বহুখিনি নির্ভৰ কৰিব৷

২০২৪ চনত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব৷ এআইইউডিএফৰে মিত্রতা ছেদৰ পিছত লোকসভা নির্বাচনত ধুবুৰী, বৰপেটা, নগাঁও, কলিয়াবৰ আদি সমষ্টিত কংগ্রেছ প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলি নাভাবেনে?
ঃ নহয়, চাওক, এআইইউডিএফৰ স’তে মিত্রতা নাথাকোঁতেও আমি নির্বাচনত উক্ত সমষ্টিসমূহত এককভাৱে জিকিছোঁ৷ মই ভাবোঁ যে বিগত সময়ত মিত্রতা কৰি কংগ্রেছতকৈ বেছি এআইইউডিএফহে লাভৱান হ’ল৷ যোৱা নির্বাচনত ৱাজেদ আলী চৌধুৰীয়ে মৌলানা আজমলক পৰাজিত কৰিছিল৷ মই ভাবোঁ যে লোকসভা নির্বাচন আৰু বিধানসভা নির্বাচন একে নহয়৷ লোকসভা নির্বাচনৰ আগমুহূর্তত সর্বভাৰততে যি এটা সামগ্রিক পৰিৱেশ গঢ় লৈ উঠিব, সেই পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত অসমৰ ৰাইজেও এক সুস্থিৰ সিদ্ধান্ত কৰিব৷ লোকসভা নির্বাচনৰ পূর্বে দহখন ৰাজ্যৰ সাধাৰণ নির্বাচন আছে৷ তাৰ পৰাই পৰিৱর্তনৰ বতাহ কোন দিশে বলিছে, গম পোৱা যাব৷ সেয়ে এই প্রশ্ণ এতিয়া বহু আগতীয়া হৈছে বুলি ক’ব পাৰি৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে চাহ জনগোষ্ঠী–আদিবাসীসক্ সমস্যাসমূহ সমাধানৰ বাবে জনগোষ্ঠীটোৰ নেতৃস্থানীয় ব্যক্তিৰ লগত আলোচনাত মিলিত হৈ চৰকাৰক পৰামর্শ দিয়াৰ বাবে কেইবাখনো উপ–সমিতি গঠনৰ ব্যৱস্থা কৰে৷ আপুনিও সেই বৈঠকত অংশগ্রহণ কৰি মুখ্যমন্ত্রীৰ সেই ঐতিহাসিক পদক্ষেপক প্রশংসা কৰিছে৷ মুখ্যমন্ত্রীৰ এই পদক্ষেপক লৈ আপুনি কিমান আশাবাদী?
ঃ অসমৰ মুখ্যমন্ত্রী মানে আমাৰো মুখ্যমন্ত্রী৷ নির্বাচনলৈকে কোনো প্রার্থী দলৰ হৈ থাকে৷ তাৰ পিছত যেতিয়া মুখ্যমন্ত্রী হয়, তেতিয়া এখন ৰাজ্যৰ অভিভাৱকস্বৰূপ হৈ পৰে৷ চাহ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে আমাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মাতিছে, আলোচনা কৰিছে, মই তেওঁক ধন্যবাদ জনাইছোঁ৷ আমি মুখ্যমন্ত্রীক ভালেমান পৰামর্শ দিছেছা৷ তেখেতেও ৬–৭খন উপ–সমিতি গঠন কৰাৰ কথা কৈছে৷ তেখেতে যদি আন্তৰিকতাৰে কামসমূহ কৰে, খুব ভাল কথা হ’ব৷ আৰম্ভণি ভাল হৈছে যেতিয়া শেষো ভাল হ’ব বুলি আমি আশাবাদী৷ আজিলৈ কোনো এখন চৰকাৰে চাহ জনগোষ্ঠী, আদিবাসী ৰাইজৰ সমস্যাসমূহ আন্তৰিকতাৰে আৰু গুৰুত্বসহকাৰে গ্রহণ কৰা নাছিল৷ কিন্তু বর্তমানৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এয়া এক বলিষ্ঠ–ইতিবাচক পদক্ষেপ বুলি ক’ব পাৰি৷ এক বৃহৎ জনগোষ্ঠীৰ সমস্যাৰ বিষয়ে এগৰাকী মুখ্যমন্ত্রীয়ে ধৈর্যসহকাৰে শুনাৰো সাহস থাকিব লাগিব৷ সেই সাহস মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেখুৱাইছে৷ সেয়ে তেওঁ ধন্যবাদৰ পাত্র৷ লগতে জনগোষ্ঠীটোৰ লগত হোৱা অন্যায়সমূহৰ সু–মীমাংসা কৰিবলৈ তেওঁ গ্রহণ কৰা কার্যব্যৱস্থাৰ ওপৰতো বহু পৰিমাণে নির্ভৰ কৰিব৷ আমি আশাবাদী যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সকলো যোগাত্মক দিশেৰে আগবাঢ়ি সমাধান কৰাত সফল হ’ব৷

You might also like