নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত সাতদিনীয়া নাট মহোৎসৱৰ শুভাৰম্ভ, চাৰি দৰঙী লোকশিল্পীক সম্বৰ্ধনা

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ‘অসম কলাতীৰ্থ’ৰ সৌজন্যত এছ বি মুভিজৰ নিবেদনত ছিপাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে “জনকনন্দিনী” শীৰ্ষক এখন নাট সমাৰোহ। ছিপাঝাৰ শ্বহীদ ভৱনত সন্ধিয়া সাত বজাৰ পৰা অনুষ্ঠিত হোৱা এই সাতদিনীয়া সমাৰোহত  ড০ পৰমানন্দ ৰাজবংশীৰ ৰচিত সাতখন  নাটক পৰিৱেশন কৰা হ’ব।

কালি উদ্বোধনীৰ দিনা পৰিৱেশন কৰা হয় ড০ পৰমানন্দ ৰাজবংশী ৰচিত আৰু নয়নজ্যোতি কাশ্যপ পৰিচালিত দৰঙী লোককৃষ্টিৰ আধাৰত ৰচিত নাট “উজনি বামুণৰ প্ৰেম কাহিনী” শীৰ্ষক নাটকখনি। লক্ষণীয় যে নাট সমাৰোহৰ আনুষ্ঠানিক শুভাৰম্ভৰ পূৰ্বে দৰঙৰ চাৰিগৰাকী লোকশিল্পীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই লোকশিল্পীসকল হ’ল হাজৰিকাপাৰা পিঠাখোৱাৰ নাগাৰা নামৰ শিল্পী ঘনকান্ত ডেকা, ২নং চেঙাপাৰাৰ সুকনান্নী ওজা ডিম্বেশ্বৰ কুমাৰ, কবেইচুবা বৰদৌলগুৰিৰ ব্যাস ওজাৰ ডাইনাপালি ভদ্ৰেশ্বৰ নাথ, দক্ষিণ চুবুৰিৰ ভাউৰীয়া আৰু ঢেপাঢুলীয়া শিল্পী শুক্লেশ্বৰ নাথ আৰু খান্দাজানৰ থিয়নামৰ শিল্পী ৰচনা নাথ।

প্ৰণৱ কলিতাই আঁত ধৰা এই অনুষ্ঠানত বিধায়কগৰাকীৰ উপৰি এছ বি মুভীজৰ হৈ স্বপ্নালী বৰগোহাঁয়ে স্মাৰক, গামোচা আৰু নগদ ধন প্ৰদান কৰে। লোকশিল্পীসকলক দৰঙৰ আত্মা বুলি অভিহিত কৰি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে লোকশিল্পীসকলক সন্মান প্ৰদৰ্শন কৰাটো নিজৰ এক দায়িত্ব হিচাপে পালন কৰি অহা বুলি উল্লেখ কৰে। দৰঙৰ প্ৰতিগৰাকী লোকশিল্পী স্বাছন্দ্যৰে জীৱন নিৰ্বাহ কৰাৰো পোষকতা কৰে।

উল্লেখযোগ্য যে ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি ড০ প্ৰসন্ন কুমাৰ নাথে আনুষ্ঠানিকভাৱে নাট উদ্বোধন কৰাৰ পূৰ্বে সন্মানীয় অতিথি হিচাপে অসম কলাতীর্থৰ  প্রতিষ্ঠাপক সভাপতি ড০ বলেন্দ্ৰ কুমাৰ দাসেও বক্তব্য ৰাখে।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ২৫ ডিচেম্বৰ :
You might also like