নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখৰ জৱান জ্বৰত আক্ৰান্ত সৰ্বত্ৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জৱান’ ছবিগৃহত মুক্তি লাভ কৰে যোৱা ৭ ছেপ্টেম্বৰত আৰু ছবিগৃহত মুক্তি পোৱাৰ পিছৰে পৰা ছবিখনে প্ৰতিদিনে অভিলেখ ভংগ কৰি আহিছে। প্ৰথম দিনাই এই ছবিখনে ৭৫ কোটি টকা সংগ্ৰহ কৰি ভাৰতীয় চিনেমাৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক মুক্তি দিনাৰ সৰ্বাধিক আয়ৰ ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ পিছত দেওবাৰেও ছবিখনে ৮০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰে। মাত্ৰ চাৰি দিনতে শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখনে জীৱনকালত বেছিভাগ ছবিয়ে কৰিব নোৱাৰা কামখিনি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ উন্মাদনাই দৰ্শকক আগুৰি ধৰিছে আৰু ভাৰত-পাকিস্তানৰ মেচখনৰ মাজতো ছবিখন চাবলৈ চিনেমাগৃহত বিপুল দৰ্শক দেখা গ’ল। ইয়াৰ লগে লগে ছবিখনে অভিলেখ ভংগ কৰি দেওবাৰে ৮০.১ কোটি টকা সংগ্ৰহ কৰে। য’ত সৰ্বাধিক ৭১.৬৩ কোটি সংগ্ৰহ হিন্দী সংস্কৰণত, ৫ কোটি তামিলত আৰু ৩.৪৭ কোটি তেলুগুত অন্তৰ্ভুক্ত কৰা হৈছে। Sacknilkৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘জৱান’ মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ৩০ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে মুঠ ৫ দিনৰ ‘জৱান’ সংগ্ৰহ ৩১৬.১৬ কোটি টকা হৈছে। প্ৰথম সোমবাৰে ‘গদৰ-২’ৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে ‘জোৱান’। শ্বাহৰুখ খানৰ ছবিখনে মুক্তিৰ মাত্ৰ পাঁচ দিনতে ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ইতিহাসৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে এই ছবিখনে ২০২৩ চনত ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা তৃতীয়খন বলীউড ছবিও হিচাপে পৰিগণিত হৈছে। অৱশ্যে প্ৰথম সোমবাৰৰ উপাৰ্জনেৰে ‘জাৱান’-এ ‘গদৰ ২’ৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই। আচলতে ‘গদৰ ২’ই প্ৰথম সোমবাৰে ৩৮.৭ কোটি টকা সংগ্ৰহ কৰিছিল। অৱশ্যে প্ৰথম সোমবাৰে ‘পাঠান’ৰ অভিলেখ ভংগ কৰিছে ‘জৱান’-এ। প্ৰথম সোমবাৰে ‘পাঠান’ৰ সংগ্ৰহ আছিল ২৬.৫ কোটি টকা।

You might also like