নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা

কোকৰাঝাৰত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে৷ ভাৰত মাতাক শত্ৰুৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ দেশৰ কোটি কোটি জনতাৰ জীৱন আৰু সা-সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰা আৰু ভৌগলিক অখণ্ডতা অক্ষুন্ন ৰখাৰ বাবে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি,পৰিয়াল,আত্মীয় স্বজনৰ পৰা বহু  দূৰৈত সুদীৰ্ঘ ২৬ বছৰ কাল নিষ্ঠাৰে দেশৰ সেৱা আগবঢ়োৱা এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ কৰুণ কাহিনী জানিলে আপোনাৰো দুচকু সেমেকি উঠিব৷

কি আচৰিত ! যি সময়ত মানৱ সভ্যতাৰ বিকাশে তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ আশীৰ্বাদত ধাপে ধাপে উন্নতিৰ চৰম শীৰ্ষত উপনীত হৈছে,মানুহে মংগল গ্ৰহত বসতি কৰাৰ পৰিকল্পনা কৰিছে তেনে এক সময়ত কোকৰাঝাৰ জিলাৰ ডিয়াঝিজৰী গাওঁত সংঘটিত এক ঘটনাই যেন মানৱ সমাজক ভেঙুচালি কৰিছে৷

গাওঁখনৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান সুৰেশ চন্দ্ৰ নাথৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এক অতি অমানৱীয় ঘটনা৷ ঘটনাৰ সবিশেষ জানিবলৈ আজি ডিয়াঝিজৰীত উপস্থিত হোৱা সাংবাদিকৰ এটি দলৰ সন্মুখত সুৰেশ চন্দ্ৰ নাথৰ লগতে তেওঁৰ পত্নী ললিতা নাথে গভীৰ দুখ আৰু আক্ষেপেৰে কয় যে সুৰেশ চন্দ্ৰ নাথে ২০২২ চনত সেনা বাহিনীৰ EME (Electronics and Mechanical Engineers) বিভাগৰ হাবিলদাৰ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰি জন্মগাওঁ কোকৰাঝাৰৰ ডিয়াঝিজৰীলৈ আহে৷ আৰু তেতিয়াৰ পৰা গাওঁখনত সমাজ আৰু পৰিয়ালৰ সৈতে থাকিবলৈ লয় সুৰেশ চন্দ্ৰ নাথে৷

পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত সেনা জোৱান গৰাকী পিতৃমাতৃৰ স্মৃতিত গাওঁখনত এটি কালী মন্দিৰ নিৰ্মান কৰি দিয়াৰ লগতে গাওঁবাসীয়েও সুৰেশ চন্দ্ৰ নাথক ডিয়াঝিজৰী নাথ সমাজ পৰিচালনা সমিতিৰ সভাপতি ৰূপেও দায়িত্ব অৰ্পন কৰে৷

এইখিনিলৈকে সকলো ঠিকে ঠাকে আছিল৷ কিন্তু পিতৃ মাতৃৰ স্মৃতিত নিৰ্মান কৰা কালী মন্দিৰটো শুভ উদ্বোধন কৰিবলৈ লোৱাৰ দিনৰে পৰাই গাওঁখনৰ জেল ফেৰত স্বয়ম্ভু গাওঁবুঢ়া হৰিশ চন্দ্ৰ নাথৰ কুটিল ষড়যন্ত্ৰ আৰম্ভ হয়৷

ভুক্তভোগী দুৰ্ভগীয়া সুৰেশ চন্দ্ৰ নাথৰ লগতে পত্নী ললিতা নাথে এজাহাৰত উল্লেখ কৰা মতে সিদিনাখনৰ মন্দিৰ শুভ উদ্বোধনী কাৰ্যসূচীত স্থানীয় বিধায়ক লৰেন্স ইছলাৰীক আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁৰ অনুপস্থিতিত খাম্পা বৰগয়াৰীৰ হাতেৰে মন্দিৰটো শুভ উদ্বোধন কৰা হৈছিল৷

মন্দিৰ উদ্বোধনৰ গইনা লৈ স্বয়ম্ভু গাওঁবুঢ়া হৰিশ চন্দ্ৰ নাথে এখন হিন্দু গাওঁত এগৰাকী খৃষ্টান ব্যাক্তিৰ দ্বাৰা মন্দিৰটো কিয় শুভ উদ্বোধন কৰা হল বুলি এক অপপ্ৰচাৰ চলায় ৷ তদুপৰি উক্ত কাৰ্যৰ অচিলা লৈ গাওঁখনৰ নাথ সমাজে কেইবাবাৰো গাওঁ সভা পাতি অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক শাৰিৰীকভাৱে অপদস্থ কৰাৰ উপৰিও ভৰিত ধৰি নিজৰ ভূল হোৱা বুলি স্বীকাৰ কৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ হেচাঁ প্ৰয়োগ কৰে৷

কিন্তু নিৰ্দোষী সেনা জোৱানগৰাকীয়ে অমান্তি হোৱাত গাওঁসভাৰ দ্বাৰা তেওঁ আৰু তেওঁৰ পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি গাওঁখনৰ কোনোবা ব্যক্তি যদি অৱসৰপ্ৰাপ্ত সেনা জোৱান গৰাকীৰ বাসগৃহলৈ যায় তেন্তে ৫,০০১ টকা জৰিমনা লোৱা হব বুলি স্বয়ম্ভূ গাওঁবুঢ়া হৰিশ চন্দ্ৰ নাথে ঘোষণা কৰে৷

আনকি দুৰ্ভগীয়া পৰিয়ালটোক গাখীৰ যোগান দিয়া বন্ধ কৰাৰ লগতে গাওঁবাসীৰ সৈতে কথাবতৰা পতাটো দূৰৈৰ কথা জুই পানী আদিও নিষিদ্ধ কৰিছে৷ ইপিনে পৰিয়ালটোৱে গাওঁবাসীৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে এক সু-মীমাংসাত উপনীত হবলৈ প্ৰচেষ্টা চলায় যদিও ব্যৰ্থ হয়৷

তাৰ মাজতে প্ৰায়ে নিশা হৰিশ চন্দ্ৰ নাথে লগত দুই তিনিজন সাংগোপাংগ লগত লৈ অৱসৰপ্ৰাপ্ত সেনা জোৱান গৰাকীৰ বাসগৃহলৈ গৈ ধন দাবী কৰাৰ লগতে অপ্ৰয়োজনীয়ভাৱে কাজিয়াত লিপ্ত হবলৈ বিচাৰি এক হুলস্থূলীয়া আৰু মানসিক অশান্তিৰ সৃষ্টি কৰে ৷ এক কথাত কবলৈ গলে স্বয়ম্ভু গাওঁবুঢ়া হৰিশ চন্দ্ৰ নাথৰ অতপালিয়ে সীমা চেৰাই যায় ৷

উল্লেখ্য যে উপায়ন্তৰ হৈ অৱসৰপ্ৰাপ্ত সেনা জোৱান সুৰেশ চন্দ্ৰ নাথ আৰু পত্নী ললিতা নাথে নিজৰ লগতে দুই পুত্ৰ সন্তানৰ ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি এতিয়া বাটচাব লগা হৈছে ৷

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৬ মাৰ্চ

You might also like