নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমে কাপোৰত প্ৰস্ৰাৱ, তাৰ পিছত বাল্টিত তিয়াই মচিলে ঘৰ… নইদাত চাকৰনীৰ নিৰ্লজ্জ কাণ্ড

বিশেষ বাৰ্তা, ২৬ মেঃ উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ অজনৰা হোমছ ছ’চাইটিত পোহৰলৈ আহিছে এগৰাকী চাকৰনীৰ লজ্জাজনক কাণ্ড। যাৰ এটা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ঘৰ মচি থকা অৱস্থাত একেটা বাল্টিতে এগৰাকী চাকৰনীয়ে প্ৰস্ৰাৱ কৰিছিল আৰু তাৰ পিছত মজিয়া চাফা কৰিবলৈ আৰম্ভ কৰিছিল। এই জঘন্য আৰু লেতেৰা কাণ্ড দেখি ঘৰৰ মালিকে লগে লগে বিছৰাখ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে চাকৰনীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ছাবিনা খাতুন নামৰ এগৰাকী চাকৰনীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত। এই ভিডিঅ’টোত দেখা গৈছে যে দাসীগৰাকীয়ে প্ৰথমে দ্বিতীয় কোঠালৈ আহি কাপোৰখন বাল্টিত তিয়াই দিয়াৰ আগতে কাপোৰখনত প্ৰস্ৰাৱ কৰে। ইয়াৰ পিছত তাই তাত কাপোৰ এখন তিয়াই আন এটা কোঠালৈ গৈ মচি যায়। বিছৰাখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মতে, এই ঘটনা ঘৰটোত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে। মহিলাগৰাকীৰ নাম ছাবিনা খাতুন। মূলতঃ তেওঁ পশ্চিমবংগৰ আৰু ইয়াত ইতেহাৰা গাঁৱত থাকে। গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে ছাবিনা খাতুনক জেৰা আৰম্ভ কৰে। প্ৰথম অৱস্থাত তেওঁ পলাবলৈ চেষ্টা কৰি এই অভিযোগসমূহ অস্বীকাৰ কৰিছিল যদিও আৰক্ষীয়ে কঠোৰভাৱে সোধা-পোছা কৰাত তেওঁ ঘৰ মচাৰ বাবে ব্যৱহাৰ কৰা পানীৰ বাল্টিটোত প্ৰস্ৰাৱ কৰা বুলি স্বীকাৰ কৰে। তদন্তৰ সময়ত ছাবিনা খাতুনে নিজৰ লজ্জাজনক আচৰণৰ কোনো উচিত ব্যাখ্যা দিব পৰা নাছিল। অৱশ্যে তেওঁৰ এই কাৰ্য্যৰ আঁৰৰ উদ্দেশ্য স্পষ্ট হোৱা নাই। ভাইৰেল ভিডিঅ’টোৰ প্ৰমাণ আৰু ছাবিনা খাতুনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰৰ প্ৰস্তুতি চলাইছে। ছাবিনাৰ ওপৰত নিৰ্দিষ্ট অভিযোগ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। অৱশ্যে ছাবিনা নামৰ চাকৰনীগৰাকীৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে সম্পত্তিৰ ক্ষতি কৰাৰ লগতে জনস্বাস্থ্য আৰু সুৰক্ষাৰ সৈতে জড়িত অপৰাধৰ অভিযোগ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। একে সময়তে বিষয়াজনে কয় যে তেওঁৰ জঘন্য কাৰ্য্যৰ বাবে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

You might also like