নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো ছমৰীয়া পথত আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২৬ মেঃ অসম চৰকাৰৰ অসম লোক নিৰ্মাণ ( পথ ) বিভাগৰ কামৰূপ জিলাৰ বকো উপ সংমণ্ডলৰ অধিনৰ বকো ছমৰীয়া পথৰ পুন:নিৰ্মাণ কামৰ আধাৰশিলা আজি আনুষ্ঠানিক ভাৱে স্থাপন কৰে সাংসদ কুইন ওজা আৰু বিধায়িকা নন্দিতা দাসে। উল্লেখ্য যে ; অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য্য কৰা ধনেৰে উন্নতিকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু বিধায়িকা নন্দিতা দাসে। ইফালে সমগ্ৰ কাৰ্য্যসুচীৰ পৰিকল্পনা কৰে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। আজি দিনৰ ভাগত আয়োজন কৰা আধাৰশিলা স্থাপন কাৰ্য্যসুচীত সহযোগ আগবঢ়াই লোক নিৰ্মাণ বিভাগৰ বকো উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী বিষয়া জীতু শইকীয়া আৰু কাৰ্য্যবাহী অভিযন্তা অনদা প্ৰসাদ শৰ্মাই। উল্লেখ্য যে ; বকো ছমৰীয়া পথত আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ পিছতে বকো গান্ধী মৈদানৰ ৰঙ্গমঞ্চত বকোৰ যুৱ সমাজ কৰ্মী পৱন কলিতাই আত ধৰা অনুস্থানত আয়োজন কৰে পথটো নিৰ্মাণ সন্দৰ্ভত এক সভা। সভাত দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ ; বকো মণ্ডল কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা ; অসম লোক নিৰ্মাণ বিভাগৰ বহু কেইজন বিসয়া কৰ্মচাৰীৰ উপৰিও বি জে পি আৰু কংগ্ৰেছ দলৰ বহু সংখ্যক নেতা কৰ্মী।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like