নলবাৰী জিলাৰ বাঁহজানীৰ মুগকুছিত থকা শংকৰ-আজান গ্ৰাম্য পুথিভঁৰালৰ দেওবাৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। শংকৰ-আজান পুথিভঁৰালৰ ছাত্ৰ মন্থন কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু বঁটা বিতৰণী সভাত অতিথি ছাত্ৰ-ছাত্ৰী হিচাপে উপস্থিত থাকে মুনমী বেগম, শৃংগনা কলিতা আৰু বিশ্যজিত কলিতাই।
সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই জ্ঞান আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত পুথিভঁৰালৰ বৰঙণি অতুলনীয় বুলি উল্লেখ কৰে। শংকৰ-আজান পুথিভঁৰালৰ ছাত্ৰী নাজমিন বেগমে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত অতিথি হিচাপে কবি বিপুল শৰ্মা, ব্ৰাইট ষ্টাৰ একাডেমীৰ অধ্যক্ষ ড০ কমল শৰ্মা শাস্ত্ৰী আদিয়ে উপস্থিত থাকি ভাষণ দিয়ে।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পুথিভঁৰালৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শংকৰ-আজান পুথিভঁৰালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰতিটো কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হয়।
নলবাৰী জিলাৰ বাঁহজানীৰ মুগকুছি গাঁৱৰ বাবুল আলী আৰু মিনা বেগমৰ দ্বিতীয় পুত্ৰ আইনুল হক হৈছে এজন অধ্যয়নশীল যুৱক তথা সমাজকৰ্মী। যিজন যুৱক আজি নিজ কৰ্মৰে নলবাৰীৰ ৰাইজৰ মাজত বিশেষভাৱে পৰিচিত হৈ পৰিছে। স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক আইনুল হকে চহৰৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ক্ৰমে ব্ৰাইট ষ্টাৰ একাডেমী আৰু শ্ৰীমন্ত শংকৰদেৱ একাডেমীত পাঠদান কৰাৰ উপৰি ঘৰুৱা শিক্ষকৰ দায়িত্বও পালন কৰে। দূৰদৰ্শী আইনুল হকে নিজৰ সামান্য উপাৰ্জনেৰে সুপৰিকল্পিতভাৱে, একক প্ৰচেষ্টাৰে নিজ গৃহৰ সন্মুখত ২০২১ চনত সৰুকৈ ঘৰ এটা সাজি শংকৰ-আজান নামেৰে এটি পুথিভঁৰালৰ জন্ম দিয়ে। পুথিভঁৰাললৈ অহা ল’ৰা-ছোৱালীবোৰক পঢ়াৰ সুবিধা দিয়াৰ লগতে নিজেও সিহঁতক পঢ়ুৱায়। তেওঁৰ এই সহায় দেখি নলবাৰী জিলাৰ আন আন ঠাইৰ লগতে চুবুৰিৰ সকলো সৰু ল’ৰা-ছোৱালী পাঠ পঢ়িবলৈ পুথিভঁৰালত উপস্থিত হয়। পুথিভঁৰালটোত শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে প্ৰতি দেওবাৰে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰি আহিছে।
আইনুলে জানিবলৈ দিয়া মতে, অসমৰ শিল্পী, সাহিত্যিক তথা বিশিষ্ট ব্যক্তিসকলৰ উপৰি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো হাতেলিখা কাব্যগ্ৰন্থ ,অসমৰ জাতীয় সংগীতটো গছৰ পাতত লিখি উপহাৰ হিচাপে নিজ হাতে অৰ্পণ কৰিছে।