নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিমলীতোলা নয়াপাৰাত ভোগালী মহোৎসৱ

গোৱালপাৰা জিলাৰ শিমলীতোলা নয়াপাৰা যুৱক সংঘৰ সৌজন্যত শিমলীতোলা অঞ্চলবাসী ৰাইজৰ সহযোগত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক ভোগালী মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

কাৰ্যসূচী অনুসৰি ১৩ জানুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব আদৰ্শ জাতীয় বিদ্যালয়, শিমলীতোলাৰ প্ৰধান অধ্যক্ষ জগত মেধিয়ে, ১০ বজাত ভোগালী মহোৎসৱৰ দ্বাৰ উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী, ৰংজুলিৰ মনোজ কুমাৰ ৰাভাই,  ১০.৩০ বজাত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান। ১১ বজাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত উৎসর্গিত বৃহৎ (১০১ ফুট দৈৰ্ঘ্যৰ) জাপি উন্মোচন কৰিব জুবিন গাৰ্গৰ ঘনিষ্ঠ সহযোগী ৰাজা বৰুৱাই, দিনৰ ২ বজাৰ পৰা  বিভিন্ন খেল-ধেমালি, সন্ধিয়া ৫ বজাত সাহিত্য শাখাৰ প্ৰতিযোগিতা (কবিতা আবৃত্তি, মুকলি কুইজ, আকস্মিক বক্তৃতা), ৬.৩০ বজাত জুহাল উন্মোচন, ৭ বজাত আবাল-যুৱ-বৃদ্ধ-বনিতা আৰু স্থানীয় শিল্পীৰ সমাহাৰ ।

১৪ জানুৱাৰীৰ পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৯.৩০ বজাত গছপুলি ৰোপণ, ১০.৩০ বজাত পিতৃ-মাতৃ পূজন আৰু আশীর্বাদ, আলোচ্য বিষয় ‘অসমীয়া সংস্কৃতি আৰু নৱপ্রজন্ম, বিহুৰ সংস্কৃতি আৰু অসমীয়া সমাজ’ শীৰ্ষক আলোচনা চক্ৰ সঞ্চালনা কৰিব নির্মল কলিতাই। দুপৰীয়া ১ বজাৰ পৰা বিভিন্ন খেল-ধেমালি, আবেলি ২ বজাত পিঠাপনা প্রতিযোগিতা, ৩.৩০ বজাৰ পৰা শিমলীতোলা প্রাথমিক শাখাৰ আই-মাতৃৰ দ্বাৰা নাম পৰিৱেশন, সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলন। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন, ৭.৩০ বজাত ভোগালী মহোৎসৱৰ স্মৃতিৰ সঁফুৰা প্ৰদৰ্শন, ৮ বজাত একক নৃত্য প্রতিযোগিতা।

১৫ জানুৱাৰীৰ পুৱা  ৭ বজাত পৰিৱেশ নিকাকৰণ, ৯ বজাত মেজি দাহন আৰু সমূহীয়া সেৱা, ১১ বজাৰ পৰা বিভিন্ন খেল-ধেমালি, আবেলি ৩ বজাত বঁটা বিতৰণী সভা, সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া। ভোগালী বিহুৰ লগত সংগতি ৰাখি ১০১ ফুট দৈৰ্ঘ্যৰ জাপি আৰু ৩৫ ফুট উচ্চতাৰ মেজি নিৰ্মাণেৰে চমক সৃষ্টি কৰিছে উদ্যোক্তাসকলে।

নিয়মীয়া বাৰ্তা, টিপলাই, ১২ জানুৱাৰী :

You might also like