নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালতো কমা নাই শিল্পীৰ মাননিঃ জুবিন–পাপনে ল’ব আঠ লাখকৈ, মহিলাৰ শীর্ষত প্রিয়ংকা

-ৰাজীৱ শইকীয়া

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ চাওঁতে চাওঁতে পদূলিমুখ পালেহি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু৷ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ চাৰিটা দিন বাকী৷ ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে গছ–বিৰিখত লহপহলৈ বাঢ়ি অহা ন–কুঁহিপাতে ধৰণী সেউজ কৰি তোলাৰ সমান্তৰালকৈ কুলি–কেতেকীৰ মিঠা মাতে ইতিমধ্যে পৰিৱেশ বিনন্দীয়া কৰি তুলিছে৷ অসমীয়াৰ স্বাভিমান ৰঙালী বিহুক আদৰিবলৈ মনে–প্রাণে সাজু হোৱাৰ মাজতে ৰাজ্যত পুনৰ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি হোৱাত সকলোকে চিন্তিত কৰি তুলিছে৷

ক’ৰোনাৰ দ্বিতীয় জোৱাৰে সকলোকে উদ্বিগ্ণ কৰি তোলা সত্ত্বেও অসমীয়াৰ আয়ুস ৰেখাস্বৰূপ আদৰৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ সর্বত্র প্রস্তুতি চলোৱা হৈছে৷ ক’ভিডৰ সংক্রমণৰ আতংকৰ মাজতো বিহু মঞ্চত কঁকাল ভাঙি নাচিবলৈ বিহু দলবোৰে অনুশীলন চলাই থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত কণ কণ শিশুৰ পৰা ডেকা–গাভৰুৱে বিহু নৃত্য–গীতৰ প্রশিক্ষণ লোৱা দেখা গৈছে৷ ঢ়োল–পেঁপা–গগনাৰ শব্দৰে পৰিৱেশ মুখৰিত হৈ পৰিছে৷ চৰকাৰীভাৱেও ৰাজ্যত এইবাৰ বিহু হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ চৰকাৰৰ ঘোষণাত আশ্বস্ত হৈ ৰাজ্যৰ ন–পুৰণি শিল্পীসকলেও এইবাৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ প্রস্তুত হৈছে৷ শিল্পীসকলে বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আখৰা চলোৱাত ব্যস্ত হৈ পৰিছে৷

উল্লেখ্য যে ক’ভিডকালীন জটিল পৰিস্থিতিৰ বাবে যোৱা বর্ষত ৰঙালী বিহু উদ্যাপন কৰিব নোৱাৰা অসমীয়াই হেঁপাহৰ বিহুটি আদৰিবলৈ সাজু হোৱাৰ সময়তে ক’ভিডে বিধি–পথালি দিব পাৰে বুলি সকলোৱে আশংকা কৰিছিল৷ কিন্তু এনে আশংকাৰ মাজতো চৰকাৰে এছ অ’ পি প্রস্তুত কৰি বিহুৰ আয়োজন কৰিবলৈ দিয়াত বিহুৰ আয়োজক কমিটীসমূহ বিহু উদ্যাপনৰ বাবে সাজু হৈছে৷ আয়োজক কমিটীসমূহে ইতিমধ্যে বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ শিল্পীসকলৰ সৈতে যোগাযোগ কৰিছে৷ কিন্তু অনুষ্ঠান পৰিৱেশনৰ বাবে আয়োজক কমিটীসমূহে শিল্পীসকলৰ সৈতে অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তি কৰিবলৈ গৈ বিমোৰত পৰিব লগা হৈছে৷ বিশেষকৈ অনুষ্ঠান পৰিৱেশনৰ বাবদ শিল্পীসকলে নির্ধাৰণ কৰি দিয়া ধনৰ ‘ৰেট’ শুনি আয়োজক কমিটীসমূহে চুক্তিবদ্ধ কৰিবলৈ চিন্তা কৰি চাবলগীয়া হৈছে৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা বর্ষত বিহুৰ অনুষ্ঠান কৰিব নোৱাৰাত শিল্পীসকলৰো যথেষ্ট লোকচান হয়৷ এনে পৰিস্থিতিত শিল্পীসকলে এইবাৰ বিহুৰ অনুষ্ঠান কৰিবলৈ প্রস্তুত হোৱাক লৈ কাৰো আপত্তি কৰিবলগীয়া নাই যদিও তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ বাবদ নির্ধাৰণ কৰা মাননিৰ ‘ৰেট’ কিমান গ্রহণযোগ্য, সেয়া বিহু আয়োজক কমিটীসমূহৰ মাজত বর্তমান চর্চাৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ যোৱাবাৰ ক’ভিড পৰিস্থিতিয়ে আর্থিকভাৱে লোকচান কৰাৰ দোহাই দি সৰহসংখ্যক শিল্পীয়েই মাননিৰ পৰিমাণ বৃদ্ধি কৰা বুলি আয়োজক কমিটীসমূহে অভিযোগ কৰিছে৷

জানিব পৰা মতে, জনপ্রিয় শিল্পী জুবিন গার্গে এইবাৰ একো একোটা অনুষ্ঠান পৰিৱেশনৰ বাবদ ৫ৰ পৰা ৮ লাখ টকা ধার্য কৰিছে৷ সেইদৰে আন এগৰাকী জনপ্রিয় শিল্পী অংগৰাগ (পাপন) মহন্তয়ো অনুষ্ঠান পৰিৱেশনৰ বাবে ৬ৰ পৰা ৮ লাখ টকা বিচাৰিছে৷ একেদৰে জনপ্রিয় শিল্পী প্রিয়ংকা ভৰালীয়ে ২ৰ পৰা ৪ লাখ টকা একো একোটা অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে নির্ধাৰণ কৰিছে৷

আন এগৰাকী শিল্পী তৰালি শর্মাই অনুষ্ঠান পৰিৱেশনৰ বাবদ ২ৰ পৰা ৪ লাখ টকা নির্ধাৰণ কৰিছে৷ সেইদৰে নীল আকাশে ৪.৫০ৰ পৰা ৪.৮০ লাখ, বাবু বৰুৱাই ২.৫০ৰ পৰা ৩ লাখ টকা, কৃষ্ণমণি নাথে ২ৰ পৰা ৩ লাখ, বর্ণালী কলিতাই ২.৫০ৰ পৰা ৩.৫০ লাখ, নির্মালি দাসে ২.৫০ৰ পৰা ৩ লাখ, জিনা ৰাজকুমাৰীয়ে ১.২০ৰ পৰা ৩ লাখ টকা নির্ধাৰণ কৰিছে৷

সেইদৰে মানস ৰবীন, অনুপম শইকীয়া, কুসুম কৈলাস, সীমান্ত শেখৰ, ভৃগু কাশ্যপ, দীক্ষু, বিপিন চাওদাং, ৰাকেশ ৰিয়ান, মণ্টুমণি, নেকিব, ভিটালী দাস, গায়িকা–ভিনেত্রী দীপলিনা ডেকা আদিয়েও ২ৰ পৰা ৩.৫০ লাখ টকা পর্যন্ত মাননিৰ ‘ৰেট’ নির্ধাৰণ কৰা বুলি জানিব পৰা গৈছে৷

ক’ৰোনা কালতো ৰাজ্যৰ জনপ্রিয় শিল্পীসকলে মাননিৰ ধন বৃদ্ধি কৰাত বহু বিহু আয়োজক কমিটীয়ে গীত পৰিৱেশনৰ বাবে বছা বছা শিল্পীক আমন্ত্রণ কৰিব বুলি সিদ্ধান্ত লৈও সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে৷ কাৰণ ক’ৰোনাই অকল শিল্পীকে নহয়, বিভিন্ন ক্ষেত্রত জড়িত লোককো কম–বেছি পৰিমাণে ক্ষতিগ্রস্ত কৰিছে৷ এনে প্রেক্ষাপটত চিন্তাবিদ ড০ হীৰেন গোহাঁয়েও শিল্পীসকলে অনুষ্ঠান পৰিৱেশনৰ বাবদ ৩–৬ লাখ টকা দাবী কৰাটো যুক্তিসংগত নহয় বুলি সংবাদ মাধ্যমৰ আগত আজি মন্তব্য কৰিছে৷

You might also like