নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা-শেলুৱৈযুক্ত পানী যোগান : দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড শিৱসাগৰ পৌৰসভাৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ তেৰটা ৱাৰ্ডেৰে পৰিৱেষ্টিত শিৱসাগৰ পৌৰসভাই নগৰবাসীক বিশুদ্ধ পানী যোগানৰ নামত মাৰাত্মক কলা শেলুৱৈযুক্ত পানী যোগান ধৰাৰ ঘটনাই নগৰবাসীৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে ৷ কাৰ্য্যালয়ত বহি পেভাৰ ব্লকৰ ৰাষ্টাৰ ঠিকা প্ৰদাণৰ নামত কমিচনৰ মুকলি বজাৰ বহোৱা পৌৰ সভাৰ বাকপটু নিৰ্বাচিত প্ৰতিনিধিয়ে ইমান এক ভয়ংকৰ তথা জনস্বাস্থ্যৰ বাবে ভাবুকিপুৰ্ণ ঘটনা সংঘটিত হৈ অহাৰ পিছতো মুখেৰে টু শব্দ এটাও উচ্চাৰণ নকৰাৰ ঘটনাই তেৰটা ৱাৰ্ডৰ নাগৰিকক বাৰুকৈয়ে ক্ষুন্ন কৰি তুলিছে৷ বিশেষকৈ পৌৰ নাগৰিকে মাৰাত্মক, বিষাক্ত ,ঘোলা, শেলুৱৈ যুক্ত পানী সেৱন কৰিবলৈ বাধ্য হোৱাৰ পিছতো বজাৰ আৱন্টনৰ নামত কমিচনলৈ খাপ পিটি থকা নিৰ্বাচিত ৱাৰ্ড মেম্বাৰৰ ৰহস্যজনক মৌনতাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ একে সময়তেই এই ভয়ংকৰ ঘটনাৰ আঁৰত কাৰিকৰী বিজ্যুতি নে পৰিশোধন কেন্দ্ৰত প্ৰয়োজন হোৱা শিল, বালি, চুন,ফিটকিৰি ইত্যাদি যোগানৰ নামত নতুন অংকৰ সৃষ্টি হৈছে তাক লৈও বহু সন্দেহজনক প্ৰশ্নৰ সৃষ্টি হৈছে ৷জানিব পৰা মতে তেৰটা ৱাৰ্ডেৰে পৰিপুৰ্ণ চহৰবাসীক বিশুদ্ধ পানী যোগানৰ বাবে নগৰৰ ফুকন নগৰ গোসাই চুক অঞ্চলত আছে পানী যোগান কেন্দ্ৰটো ৷ নগৰৰ দিশে মেটেকা ঘাটত বাৰ্জ সংস্থাপন কৰি উচ্চ ক্ষমতা সম্পন্ন মটৰৰ সহায়ত এই পানী উত্তোলন কৰি পোনে পোনে এক কিলোমিটাৰ নিলগৰ কেন্দ্ৰলৈ পঠোৱা হয় ৷ইয়াৰ পিছতেই সেই স্থানত থকা বৃহত উচ্চতাৰ টেংকীত বালি, শিল, চুন, ফিটকিৰিৰ সহায়ত পানী পৰিশোধন কৰি খাদ্যৰ উপযোগী হোৱাৰ অন্তত নাগৰিকলৈ প্ৰেৰণ কৰা হয় ৷ দৈনিক পুৱা ৬ বজাত আৰু বিয়লী ৪ বজাত প্ৰদাণ কৰা পৌৰ সভাৰ পানী বিগত প্ৰায় ১০ দিন ধৰি ভয়ংকৰ ৰূপত মলিয়ন হৈ পৰিছে ৷পানীৰ লগত শেলুৱৈ মিহলি হৈ অহাৰ লগতে অকটা দুৰ্গন্ধ, কলা, ঘোলা ভিন্ন ধৰণৰ পানী নিয়মিত যোগান ধৰিছে ৷ খোৱাৰ উপযোগী নোহোৱাৰ লগতে পৌৰসভাই যোগান ধৰা পানীয়ে সাধাৰণ নাগৰিকে কাপোৰ ধোৱা- গা- ধোৱা কাৰ্য্যতো ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে ৷পৰিণতিতি পৌৰ নাগৰিকে বটলত পানী ক্ৰয় কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ইফালে নিয়মিত পৌৰ সভাক পানীৰ মাচুল আদায় দিয়া ৱাৰ্ডৰ নাগৰিকে এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা লবলৈ বাৰম্বাৰ অনুৰূধ জনাই আহিছে যদিও পৌৰ সভাই কোনো কাণসাৰেই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে বাকপটু, তথাকথিত নেতা নামধাৰী হৰ্ঠাত নিৰ্বাচিত কেইগৰাকীমান ৱাৰ্ড সদস্যই আকৌ বজাৰ আৱন্টনৰ কমিচনৰ মেলাত ব্যস্ত থকাৰ বাবেই পৌৰ নাগৰিকে বৰবিহ সদৃৰ্শ পানী সেৱন কৰি অহাৰ পিছতো নাগৰিকৰ সমষ্যালৈ পিঠি দিয়া কাৰ্য্যত ৰাইজৰ ক্ষোভ দুগুনে বৃদ্ধি কৰিছে ৷অনিয়মিত পানী যোগান, বিশুদ্ধ পানীৰ নামত গোন্ধ যুক্ত পানী যোগান ধৰা কাৰ্য্যক সহজ ভাৱে লব নোৱাৰা পৌৰ নাগৰিকে তাৎক্ষনিক জিলা উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে ৷স্মৰ্তব্য যে, পানী পৰিশোধনৰ নামত উক্ত কেন্দ্ৰটোত শিল, বালি, চুণ, ফিটকিৰি ইত্যাদি সামগ্ৰী যোগানৰ নামতো অতি সংগোপনে এখন বৃহত বজাৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ সেয়েহে সচেতন ৰাইজে এইয়া কাৰিকৰী বিজ্যুতি নে শিল, বালি, চুণ, ফিটিকিৰিৰ নিমিলা কমিচনৰ অংক তাকলৈও সৰৱ চৰ্চা আৰম্ভ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like