নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত কৃষকৰ নৰা দাহন: নিৰীক্ষণৰ বাবে কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বায়ু প্রদূষণ বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ কৃষকসকলে নৰা দাহন কৰা কার্যক নিৰীক্ষণ কৰাৰ বাবে কমিটী গঠন কৰে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ মদন বি লকুৰৰ নেতৃত্বত কমিটীখনে উল্লিখিত ৰাজ্যকেইখনৰ কৃষকৰ নৰা দাহন নিৰীক্ষণ কৰিব৷

ন্যায়ালয়ৰ নির্দেশত এই কথাও স্পষ্ট কৰা হৈছে যে হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ প্রদেশত কৃষকৰ নৰা দাহন নিৰীক্ষণৰ সময়ত অৱসৰপ্রাপ্ত ন্যায়াধীশ লকুৰক সম্পূর্ণ সহযোগ কৰিব লাগিব পৰিৱেশ প্রদূষণ নিয়ন্ত্রণ কর্তৃপক্ষ (ইপিচি)য়ে আৰু তিনিওখন ৰাজ্যৰ মুখ্য সচিবে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ লকুৰে সোঁ–শৰীৰে তিনিওখন ৰাজ্যৰ কৃষকৰ নৰা দাহন নিৰীক্ষণ কৰিব৷

লক্ষণীয় যে উল্লিখিত ৰাজ্যকেইখনৰ কৃষকসকলে নৰা দাহন কৰাৰ ফলশ্রুতিত দেশৰ ৰাজধানী দিল্লীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ভয়াৱহ বায়ু প্রদূষণ হয় আৰু জনজীৱনলৈ বিপদ নমাই আনে৷

You might also like