নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত হত্যাকাণ্ডত জড়িত ৬ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

বাৰ্তা ব্যুৰো, ১৬ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে আজি এক গুৰুত্বপু্ৰ্ণ ৰায়দান কৰি হত্যাকাণ্ডৰ অপৰাধত ৬জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ সম্পূৰ্ণ এবছৰ পাঁচ মাহৰ ভিতৰতে এই বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় ৷  অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নাৰায়ণ কুৰীৰ আদালতত চলিছিল এই বিচাৰ প্ৰক্ৰিয়া ৷ আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা অপৰাধীকেইটা হল-  ইনজামামুল হক,  ছাইফুল ইছলাম, দাৰোগ আলী ওৰফে জাকিৰ, লাল মাহমুদ খান,  বাদশ্বাহ ফকিৰ,  ফৰিদুল ইছলাম ৷  ২০২২ চনৰ ১৬ এপ্ৰিলত তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বান্দালী ৰিজাৰ্ভত ৰুবুল হক চৌধুৰী নামৰ এজন যুবকক হত্যা কৰিছিল অপৰাধীকেইজনে ৷ বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ফাষ্ট ট্ৰেক আদালতত চলিছিল এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷ লক্ষণীয়ভাৱে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নিৰ্দেশত তদানীন্তন উপ-আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱা আৰু তাৰাবাৰী আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগে এই হত্যাকাণ্ডৰ তদন্ত কৰি ৯০ দিনৰ ভিতৰত আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল ৷ উল্লেখ্য যে ২০২২ চনৰ ১৬ এপ্ৰিলত বহৰিৰ বান্দালী গাৱত প্ৰেমিকাক সাক্ষাতৰ বাবে আহিছিল গৰিয়া চতলা গাঁৱৰ ৰুবুল হক চৌধুৰী নামৰ যুৱকজন ৷ ৰুবুল হক চৌধুৰীৰ প্ৰেমিকাগৰাকীক ইনজামামুল খান নামৰ যুৱকজনে পূৰ্বে  প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু ছোৱালীজনীয়ে ইনজামামুল খানৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷  সিদিনা ৰুবুল হক চৌধুৰীয়ে বান্দালী গাঁৱৰ প্ৰেমিকাগৰাকীৰ সৈতে দুপৰীয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ ফুৰিবলৈ যোৱা প্ৰত্যক্ষ কৰি প্ৰেম প্ৰত্যাখ্যানৰ প্ৰতিশোধত জ্বলি উঠে ইনজামামুল খান ৷ প্ৰেমৰ প্ৰতিদ্বন্দী ৰুবুল আৰু প্ৰেমিকাগৰাকীয়ে নদীৰ পাৰত ফুৰি থকা কথাটো সহ্য কৰিব নোৱাৰি ইনজামামুল হক নামৰ যুৱকজনে তেওঁৰ দুই বন্ধু ছাইফুল ইছলাম আৰু দাৰোগ আলীক লগত লৈ লগে লগে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যায় আৰু তাত ৰুবুল আলী আৰু প্ৰেমিকাগৰাকীক মাৰপিট কৰে ৷ ইয়াৰ পিছতে তিনিও যুৱকে ছোৱালীগৰাকীক পৰিয়ালৰ লোক মাতি আনি ঘৰলৈ পঠাই দিয়ে আৰু ৰুবুল আলীক আবদ্ধ কৰি ৰাখে ৷ ইয়াৰ পৰৱৰ্তী সময়ত ঘটনাৰ সৈতে জড়িত হৈ পৰে বাদশ্বাহ মিঞা, ফৰিদুল ইছলাম আৰু লাল মামুদ খান নামৰ বান্দালীৰে আন তিনি যুৱক ৷ যুৱতীগৰাকীক ঘৰলৈ যাবলৈ দি ৰুবুল আলীক আৱদ্ধ কৰি ৩ লাখ টকা দাবী কৰে এই ৬ অপৰাধীয়ে  ৷ যুৱকৰ দলটোৱে তিনি লাখ টকা আদায় দি তেওঁক মোকলাই লৈ যাবলৈ ঘৰলৈ ফোন কৰিবলৈ ৰুবুল আলীক নিৰ্দেশ দিয়ে ৷ ৰুবুলে ঘৰত শয্যাগত হৈ থকা পক্ষাঘাতগ্ৰস্ত পিতৃৰ কথা কৈ তেওঁৰ বাবে তিনি লাখ টকা আদায় দিয়াটো সম্ভৱ নহ’ব বুলি কোৱাৰ পিছতে ৰুবুলৰ ওপৰত আৰম্ভ হয় অকথ্য নিৰ্যাতন ৷ আনহাতে, লাল মাহমুদ খানে আঁতৰৰ পৰাই ফোনযোগে এই সমগ্ৰ ঘটনা পৰিচালনা কৰি থাকে ৷ অৱশেষত দাবী কৰা ধন আদায় দিব নোৱাৰাৰ বাবে চৰ, ঘোচা, লাঠী, ইটা আদিৰে উপৰ্যুপৰি আক্ৰমণ কৰি ৰুবুলক নিৰ্দয়ভাৱে হত্যা কৰে ৷ পিছত তেওঁলোকে ৰুবুলৰ মৃতদেহটো নদীৰ পাৰলৈ কঢ়িয়াই আনি ব্ৰহ্মপুত্ৰত পেলাই দি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায় । ২০২২ বৰ্ষৰ ১৮ এপ্ৰিলত বহৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটত ৰুবুলৰ মৃতদেহটো উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ দাঁত ভগা আৰু দেহৰ সৰ্বত্ৰ আঘাতৰ চিহ্ন দেখি এয়া হত্যাকাণ্ড বুলি নিশ্চিত হয় আৰক্ষী আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ সময়ত উক্ত ছয় অভিযুক্তই হত্যাৰ কথা স্বীকাৰ কৰে ৷  বহৰিস্থ তাৰাবাৰী থানাৰ তদন্তকাৰী বিষয়াই ৯০ দিনৰ ভিতৰতে চাৰ্জশ্বীট দাখিল কৰে আৰু হত্যাকাণ্ডটোৰ ১ বছৰ ৫ মাহৰ ভিতৰতে ফাষ্ট ট্ৰেক আদালতে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷ আদালতত হত্যাৰ বলি হোৱা ৰুবুল হক চৌধুৰীৰ পৰিয়ালৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অতিৰিক্ত চৰকাৰী অধিবক্তা জ্যোতি প্ৰসাদ দাসে ৷ এই ৰায় প্ৰদানৰ কথা শুনি কান্দোনত ভাঙি পৰে পিতৃ-মাতৃ ৷ চাৰিগৰাকী ছোৱালীৰ পিছত ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান ৰুবুল হক চৌধুৰীৰ হত্যাৰ ঘটনাই শোকদগ্ধ কৰি ৰখা পৰিয়ালটোৰ লগতে স্থানীয় অঞ্চলবাসীয়ে আদালতৰ ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷

প্ৰেৰক নৱজিৎ বায়ন

You might also like