নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণগ্রস্ত অৱস্থাতো পাকিস্তানে নির্মাণ কৰিছে পৰমাণু অস্ত্র

🔹 ২০২৫ত ২০০লৈ বৃদ্ধি পাব গণবিধ্বংসী অস্ত্রৰ সংখ্যা

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : ঋণত জর্জৰিত হৈ থকা পাকিস্তান ক্রমান্বয়ে অন্ধকাৰৰ দিশলৈ গতি কৰিছে৷ দেশখনৰ অর্থনীতিত দীর্ঘদিন ধৰি চলি আছে অস্থিৰতা৷ এনে পৰিস্থিতিতো পাৰমাণৱিক অস্ত্র মজুত কৰিবলৈ পূর্ণোদ্যমে কাম কৰি আছে দেশখনে৷ এই মুহূর্তত পাকিস্তানৰ হাতত আছে ১৭০টা পৰমাণু অস্ত্র৷ ২০২৫ চনৰ ভিতৰত এই পৰমাণু অস্ত্র ২০০টালৈ বৃদ্ধি পাব দেশখনত৷ শেহতীয়াকৈ এই দাবী কৰিছে মার্কিন শীর্ষ পৰমাণু বিজ্ঞানীসকলে৷ সংবাদ সংস্থা পিটিআইৰ সূত্রই সদৰী কৰা অনুসৰি, শেহতীয়াকৈ মার্কিন বিজ্ঞানীসকলৰ বুলেটিনত এই দাবী কৰা হৈছে৷ ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে পাকিস্তানৰ হাতত বর্তমান ১৭০টা পাৰমাণৱিক অস্ত্র আছে৷ ১৯৯৯ চনত মার্কিন প্রতিৰক্ষা চোৰাংচোৱা সংস্থাৰ তৰফৰ পৰা ধাৰণা কৰা হৈছিল যে ২০২০ চনৰ ভিতৰত পাকিস্তানৰ হাতত ৬০ৰ পৰা ৮০টা পৰমাণু অস্ত্র মজুত হ’ব৷ কিন্তু এই ধাৰণাক ভুল প্রমাণ কৰি পাকিস্তানে ২০ বছৰৰ ভিতৰত পৰমাণু অস্ত্রৰ সংখ্যা ১৭০লৈ বৃদ্ধি কৰিছে৷ ২০২৫ৰ ভিতৰত পাকিস্তানৰ হাতত পৰমাণু অস্ত্রৰ সংখ্যাই ২০০ৰ সীমা অতিক্রম কৰিব বুলিও আশংকা প্রকাশ কৰিছে মার্কিন বিজ্ঞানীসকলে৷ ভাৰত–পাকিস্তানৰ বৈৰিতাই পৰমাণু যুদ্ধৰ আশংকাক সজীৱ কৰি ৰখা বুলিও বিজ্ঞানীসকলে দাবী কৰিছে৷

You might also like