নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগাপুৰৰ নতুন ৰাষ্ট্রপতি ভাৰতীয় মূলৰ ছানমুগাৰত্নম

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : ভাৰতীয় মূলৰ ছিংগাপুৰৰ অর্থনীতিবিদ থাৰমান ছানমুগাৰত্নমে অলপতে দেশখনৰ নতুন ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিছে৷ নগৰ ৰাষ্ট্র ছিংগাপুৰৰ নৱমগৰাকী ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিছে ছানমুগাৰত্নমে৷ ৬৬ বছৰীয়া থাৰমানে আগন্তুক ৬ বছৰ দেশখনৰ ৰাষ্ট্রপতিৰ দায়িত্ব পালন কৰিব৷ উল্লেখনীয় যে যোৱা ১৩ ছেপ্টেম্বৰত দেশখনৰ প্রথম মহিলা ৰাষ্ট্রপতি হালিমা য়াক’বৰ কার্যকাল অন্ত পৰিছে৷ ইয়াৰ পূর্বে ২০১৯ৰ পৰা এগৰাকী জ্যেষ্ঠ মন্ত্রী হিচাপে দায়িত্ব পালন কৰিছিল থাৰমানে৷ ২০১৫ৰ পৰা দেশখনৰ মন্ত্রী পৰিষদৰ সদস্যৰ দায়িত্ব পালন কৰি অহা থাৰমানে ২০১১ৰ পৰা ছিংগাপুৰৰ মনেটাৰী অথ’ৰিটীৰ চেয়াৰমেনৰ দায়িত্বও পালন কৰি আহিছে৷ লক্ষণীয়ভাৱে ইয়াৰ মাজতে উপ–প্রধানমন্ত্রীৰ দায়িত্বও পালন কৰিছিল নেতাগৰাকীয়ে৷ ইয়াৰ পূর্বে ছিংগাপুৰত দুগৰাকী ভাৰতীয় মূলৰ ৰাষ্ট্রপতিয়ে দায়িত্ব পালন কৰিছিল৷ ২০০৯ চনত ভাৰতীয় মূলৰ এছ আৰ নাথনে দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰিছিল৷ ইয়াৰ পূর্বে ১৯৮১ চনত দেশখনৰ তৃতীয়গৰাকী ৰাষ্ট্রপতিৰ দায়িত্ব লাভ কৰিছিল চেংগাৰা ভিটিল দেৱান নাইৰে৷ দেশখনৰ নতুন ৰাষ্ট্রপতি থাৰমানে অলপতে হৈ যোৱা নির্বাচনত ৭০.৪ শতাংশ ভোট লাভেৰে বিপুল জনপ্রিয়তাৰ পৰিচয় দিবলৈ সক্ষম হয়৷

You might also like